Socialঅপৰাধ

ধৰ্ষণ কৰি হাত-ভৰি বান্ধি হত্যাৰ চেষ্টা অসমৰ যুৱতীক, ভগৱানৰ কি লীলা! এডাল ৰছীয়েই প্ৰাণ বচালে যুৱতীৰ…

চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে যুৱতীগৰাকীক মাতি নি ৰাজস্থানৰ এখন হোটেলত চাৰি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে যুৱতীগৰাকীক।

প্ৰথমে চাকৰিৰ প্ৰলোভন। তাৰপাছত ধৰ্ষণ। কোনোক্ষেত্ৰতে যেন সুৰক্ষিত নহয় যুৱতী। ৰাজস্থানৰ চুড়ু চহৰত চাকৰি দিয়াৰ প্ৰলোভনেৰে অসমৰ এগৰাকী ২৫ বছৰীয়া যুৱতীক দিল্লীৰ পৰা লৈ গৈছিল চাৰিজন যুৱকে।

 

চাকৰিৰ ইণ্টাৰভিউৰ কাৰণে যুৱতীগৰাকীক মাতি নি ৰাজস্থানৰ এখন হোটেলত চাৰি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে যুৱতীগৰাকীক। আনকি ধৰ্ষণ কৰি যুৱতীগৰাকীৰ হাত-ভৰি ৰছীৰে বান্ধি হোটেলৰ প্ৰথম মহলাৰ খিৰিকীৰে দলিয়াই দিয়ে পাষণ্ডকেইটাই।

 

শুকুৰবাৰে, চুড়ু ৰে’লৱে ষ্টেচনৰ সমীপতে সংঘটিত হয় এই জঘন্য ঘটনা। ভুক্তভোগী যুৱতীৰ মন্তব্য অনুসৰি প্ৰথমে হোটেললৈ নি দেৱেন্দ্ৰ সিং, ভৱানী সিং, সুনীল ৰাজপুত আৰু বিক্ৰম সিঙে বলপূৰ্বকভাৱে ধৰ্ষণ কৰে যুৱতীগৰাকীক। কেৱল ধৰ্ষণ কৰাই নহয়, ধৰ্ষণৰ পিছত যুৱতীগৰাকীক দলিয়াই দি হত্যাৰ চেষ্টা চলায় যদিও সৌভাগ্যবশতঃ যুৱতীগৰাকীৰ হাতত বান্ধি থোৱা ৰছীডাল ছুইমিং পুলৰ খুঁটাত লাগি প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ।

 

আৰক্ষীয়ে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আটাইকেইজন অপৰাধীকে গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button