অসমজন্তুবন্যপ্ৰাণী

বন্যহস্তীৰ তাণ্ডৱ! কথমপিহে প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

অব্যাহত বন্যহস্তীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যহস্তী।

বিজনীৰ সীমান্তত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যহস্তী।
মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে কৃষিজীৱী ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। ইয়াৰ মাজতে কালি নিশা ২ নং দাৰাঙ্গাৰ টিলাপাৰাত এটা বন্যহস্তীৰ জাক প্ৰৱেশ কৰি স্থানীয় নগা বিশ্বাস নামৰ দুখীয়া কৃষক এজনৰ তিনিটাকৈ ঘৰ ভাঙি তচনচ কৰাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান। কথমপি পলাই প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকৰ।

প্ৰায় প্ৰতিদিনেই উক্ত অঞ্চলত বন্যহস্তীয়ে উপদ্ৰোপ চলাই গঞাঁৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও ৰাজনৈতিক নেতাই নিৰ্বাচনৰ আগত হাতী প্ৰতিৰোধী চৰ্ট লাইনৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বাবে তীব্ৰ ক্ষোভ উজাৰে সদৌ অসম বাঙালী ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিকৰ সভাপতি প্ৰভাত আৰ্যই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.