অসম

পত্নীৰ জন্মদিনত মৰমৰ স্বামীৰ বিশেষ উপহাৰ, মহানগৰীত ওলমালে হৰ্ডিং…

মৰমৰ পত্নীক জন্মদিনৰ শুভেচ্ছা জনাই স্বামীয়ে লিখিছে আমিৰ খান আৰু কাজল দেৱগন অভিনীত Fanna চিনেমাখনৰ 'মেৰে হাথ মে' গীতটোৰ কেইটামান শাৰী।

জন্মদিনৰ দিনটোত এইবাৰ পত্নীক বিশেষ উপহাৰ দিয়াৰ কথা ভাবিলে স্বামীয়ে। ফুল-কেক-কাপোৰৰ সলনি স্বামীৰ মনলৈ আহিল এক বেলেগ ধৰণৰ উপহাৰ দিয়াৰ কথা। সেয়েহে পলম নকৰি স্বামী সাজু হ’ল সেই বিশেষ দিনটোলৈ।

পত্নীৰ জন্মদিন উপলক্ষে স্বামীয়ে গুৱাহাটীৰ উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপতে ওলমালে এখন ডাঙৰ হৰ্ডিং। ‘Parties and Event in Guwahati’ নামৰ পেজটোৱে শ্বেয়াৰ কৰে এই বিশেষ হৰ্ডিংখনৰ ফটো। মৰমৰ পত্নীক জন্মদিনৰ শুভেচ্ছা জনাই স্বামীয়ে লিখিছে আমিৰ খান আৰু কাজল দেৱগন অভিনীত Fanna চিনেমাখনৰ ‘মেৰে হাথ মে’ গীতটোৰ কেইটামান শাৰী। পত্নীৰ ফটো সম্বলিত হৰ্ডিংখনত গীতটিৰ ‘Tere Dil Mein Meri Saanson Ko Panaah Mil Jaaye, Tere Ishq Mein Meri Jaan Fanaa Ho Jaaye’ শাৰীকেইটা লিখি পত্নীক শুভেচ্ছা জ্ঞাপন কৰে স্বামীয়ে।


অৱশ্যে, এতিয়ালৈকে জানিব পৰা হোৱা নাই শুভেচ্ছা জ্ঞাপন কৰা স্বামী আৰু জন্মদিন থকা পত্নীৰ নাম। পিছে মহানগৰীৰ উলুবাৰীত পত্নীক এইদৰে স্বামীয়ে চাৰপ্ৰাইজ দিয়া ঘটনাত বহুতেই আমোদ পোৱা পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.