leatest updateআন্তঃৰাষ্ট্ৰীয়

ভূমিকম্পই কঁপাই তুলিছে তুৰস্ক ! কিয় বাৰে বাৰে ভূমিকম্পই কঁপাই তুৰস্ক ?

তুৰস্কত ভূমিকম্প হোৱাৰ আঁৰত আছে বহু কিছু কাৰণ

সোমবাৰে পুৱতি নিশা ৪ বাজি ১৭ মিনিটত কঁপি উঠিছিল তুৰস্কা ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৭.৮। গাজিয়ানটেপৰ পূব দিশৰ নুৰদাগী চহৰৰ পৰা ২৬ কিঃমিঃ পূবে ভূগৰ্ভৰ প্ৰায় ১৮ কিঃমিঃ গভীৰতাত এই ভূমিকম্পৰ উৎসস্থলা কেৱল তুৰস্কই নহয় এই ভূমিকম্পত কঁপি উঠিছিল প্রতিবেশী দেশ ছিৰিয়াও! প্ৰথমটো কম্পনৰ ১১ ৰ পৰা ১৫ মিনিট পাছত আকৌ এটা ভূমিকম্পই জোকাৰি যায় তুৰস্কক। তাৰপাছত এটাৰ পাছত আনটো ভূইকঁপে কঁপায় আছে তুৰস্কৰ লগতে ছিৰিয়াকো।

 

ভূইঁকপত আহত হৈছে ২ কোটি ৩০ লাখ লোক। কিন্তু এয়াই তুৰস্কৰ প্ৰথমটো ভূইকঁপ নহয়৷ ইয়াৰপূৰ্বেও বহুবাৰ তুৰস্কত বৃহৎ ভূমিকম্প আহিছিল। কিন্তু কিয় বাৰে বাৰে তুৰস্কত এনেদৰে একোটা বৃহৎ ভূমিকম্প আহে?

 

তুৰস্কত ভূমিকম্প হোৱাৰ আঁৰত আছে এইকেইটা কাৰণ সাধাৰণতে টেকটনিক প্লেটৰ অৱস্থানৰ পৰিবৰ্তনৰ ফলতেই ভূমিকম্প হোৱাৰ সম্ভাবনা থাকে । চাৰিখন টেকটেনিক প্লেটৰ সংযোগস্থলত তুৰস্ক অৱস্থিত৷ সেয়ে সকলোতকৈ বেছি ভূমিকম্প  প্ৰৱণ দেশসমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে তুৰস্কৰ নাম। এনাটোলিয়ান প্লেটৰ অৱস্থান আকৌ ইউৰেছীয়, আফ্রিকান, আৰু আৰৱীয় টেকটনিক প্লেটৰ মধ্যস্থল।

 

এনাটোলিয়ান প্লেট সদায়ে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰো ওপৰৰ ফালে আৰৱীয় প্লেটে অনবৰতে খুন্দা মাৰি থাকে এনাটোলিয়ান প্লেটক! বাৰে বাৰে প্লেটসমূহৰ সংঘৰ্ষত লিপ্ত হোৱাৰ ফলতেই ভূমিকম্প হয়৷ বিশ্বৰ সকলোতকৈ ডাঙৰ ভূমিকম্পটো হৈছিল ১৯৬০ চনত৷

 

চিলিৰ ভালদিভিয়া চহৰৰ উপকুলত আছিল এই ভূমিকম্পৰ কেন্দ্ৰস্থল। ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা আছিল ৯.৫। ইপিনে তুৰস্কত ২০২০ চনৰ পৰা বৰ্তমানলৈ ৩৩ হাজাৰ বাৰ ভূমিকম্প হৈছে৷ তাৰমাজতেই ৩৩২ বাৰ এনে ভূমিকম্পও আহিছে যাৰ মাত্ৰা ৰিখটাৰ স্কেলত ৪তকৈ অধিক ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.