Socialঅসম

অসমৰ চহা জীৱনৰ পৰা নাইকীয়া হ’ব ‘গাঁওবুঢ়া’

অসমীয়া সমাজ জীৱনৰ সৈত নিবিড়ভাৱে সাঙোৰ খাই থকা এই শব্দটোৰ বিলুপ্তি ঘটোৱাক লৈ ৰাজ্যৰ চুকে-কোণে উঠিছে প্ৰতিবাদৰ ঢৌ

অসমীয়া সমাজৰ পৰা হেৰাই যাব ‘গাঁওবুঢ়া’। অসম চৰকাৰে ‘গাঁওবুঢ়া’ শব্দটোৰ সলনি অইন শব্দ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ চহা জীৱনৰ এটা সন্মানীয় পদবী ‘গাঁওবুঢ়া’। অতীজৰে পৰা অসমীয়া সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে এই নামটোৱে। অসমীয়া সমাজ জীৱনৰ সৈত নিবিড়ভাৱে সাঙোৰ খাই থকা এই শব্দটোৰ বিলুপ্তি ঘটোৱাক লৈ ৰাজ্যৰ চুকে-কোণে উঠিছে প্ৰতিবাদৰ ঢৌ।

অসম সাহিত্য সভাইও অসম চৰকাৰৰ এই সিদ্ধান্ত বিৰোদিতা কৰিছে। এই থলুৱা শব্দটি অসমীয়া ভাষাৰ পৰা হেৰাই যোৱাটো মুঠেই গ্ৰহণযোগ্য নহয় বুলি ঘোষণা কৰে অসম সাহিত্য সভাই।

Asom Sahitya Sabha opposes against the decision of Assam Government to remove the word 'GaonBurha'
Asom Sahitya Sabha opposes against the decision of Assam Government to remove the word ‘GaonBurha’

অসমীয়া জনমানসত এক বিৰল আদৰ আৰু সন্মানৰ আৱেস ধ্বনিত কৰা এই ‘গাঁওবুঢ়া’ শব্দটো জীয়াই থাকক অসমীয়া সমাজত। চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰে অসম সাহিত্য সভাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − ten =

Back to top button