অসমআন্তঃৰাষ্ট্ৰীয়খেল

সাত সাগৰ তেৰ নদীৰ সিপাৰে কমনৱেলথ গেমছত জিলিকি উঠক অসম জীয়ৰী পপী হাজৰিকা…

কমনৱেলথ গেমছৰ বাবে বৰ্তমান লণ্ডনত কঠোৰ অনুশীলনত ব্যস্ত ভাৰোত্তোলক পপী হাজৰিকা। সুদূৰ লণ্ডনৰ পৰাই অসমবাসীৰ আশীষ বিচাৰিলে ভাৰোত্তোলকগৰাকীয়ে।

অসমবাসীৰ বাবে সুখবৰ। কমনৱেলথ গেমছলৈ যাব অসম জীয়ৰী পপী হাজৰিকা। অহা ২২ জুলাইৰ পৰা ৮ আগষ্টলৈকে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন কৰিছে শিৱসাগৰৰ আমগুৰিৰ জীয়ৰী পপী হাজৰিকাই।

 

কমনৱেলথ গেমছৰ বাবে বৰ্তমান লণ্ডনত কঠোৰ অনুশীলনত ব্যস্ত ভাৰোত্তোলক পপী হাজৰিকা। সুদূৰ লণ্ডনৰ পৰাই অসমবাসীৰ আশীষ বিচাৰিলে ভাৰোত্তোলকগৰাকীয়ে।

 

উল্লেখ্য যে, পপী হাজৰিকা বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী কৰ্মচাৰী। পোন্ধৰ বছৰ পূৰ্বেই পপী হাজৰিকাই আৰম্ভ কৰিছিল ভাৰত্তোলনৰ প্ৰশিক্ষণ। গোলাঘাট SAI প্ৰকল্পত প্ৰশিক্ষণপ্ৰাপ্ত ভাৰত্তোলকগৰাকীয়ে নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছিল ।

 

বাৰ্মিংহামত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰতিভাৱান খেলুৱৈ পপী হাজৰিকাই খেলৰ পূৰ্বে ভিডিঅ’যোগে আশীৰ্বাদ বিচাৰিলে অসমবাসীৰ। পপী হাজৰিকাক লৈ এতিয়া আশাবাদী অসমবাসী, আশাবাদী দেশবাসী। ভাৰতক উজ্বলাই যেন সাত সাগৰ তেৰ নদীৰ সিপাৰে জিলিকি উঠে খেলুৱৈগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.