Government SchemeSocialজীৱনশৈলীদিল্লীপ্ৰযুক্তিবিজ্ঞানভাৰত

ATMত কাৰ্ড ভৰালে টকা নহয়, ওলাব ৰেচন

স্মাৰ্ট ৰেচন কাৰ্ড ব্যবহাৰ কৰি মেচিনৰ পৰা উলিয়াব পৰা যাব চাউল, গোম, ঘেঁহু ইত্যাদি

ATMত কাৰ্ড ভৰালে টকা নহয়, ওলাব ৰেচন

আপুনি হয়তো বেংকৰ এটিএম প্ৰায়ে ব্যৱহাৰ কৰে৷ প্ৰয়োজন অনুসৰি ধনো উলিয়াই এটিএমৰ পৰা৷ কিন্ত কেতিয়াবা শুনিছেনে এটিএমৰ পৰা চাউল-ঘেঁহু ওলোৱা কথা৷ এতিয়া সেইয়া সম্ভৱ।

এটিএম কাৰ্ড নহয়, স্মাৰ্ট ৰেচন কাৰ্ড ব্যবহাৰ কৰি মেচিনৰ পৰা উলিয়াব পৰা যাব চাউল, গোম, ঘেঁহু ইত্যাদি৷ যাৰ নাম দিয়া হৈছে অন্ন এটিএম৷ দেশৰ এখন ৰাজ্যত স্থাপন কৰা হৈছে এই অন্ন এটিএম৷

World Food Programeৰ অধীনত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ বিনামূলীয়া ৰেচন আঁচনিৰ জৰিয়তে দেশত নিৰ্মাণ কৰা হৈছে প্ৰথমটো অন্ন এটিএম মেচিন৷

এতিয়াৰ পৰা হিতাধিকাৰীসকলে সূলভ মূল্যৰ দোকানত শাৰি পাতিব নালাগে৷ একেদৰে ৰেচন কমকৈ পোৱাৰ অভিযোগো দিব নালাগে৷ অন্ন এটিএমত স্মাৰ্ট ৰেচন কাৰ্ডৰ জৰিয়তে ক্লিক কৰিলেই ১মিনিটতে এটিএমৰ পৰা ওলাই আহিব নিৰ্ধাৰিত পৰিমাণৰ চাউল আৰু ঘেঁহু৷

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ বিনামূলীয়া ৰেচন আঁচনিৰ জৰিয়তে কেন্দ্ৰই দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক প্ৰতিমাহে ৫ কিলোগ্ৰামকৈ ঘেঁহু, চাউল আৰু বাজৰা দিয়াৰ ব্যৱস্থা কৰিছে৷ হাৰিয়ানা চৰকাৰে জনবিতৰণ প্ৰণালীৰ জৰিয়তে দেশত পোন প্ৰথমবাৰৰ বাবে PDSৰ আসোঁৱাহ দূৰ কৰিবলৈ গুৰগ্ৰামৰ ফৰেখ নগৰৰ সূলভ মূল্যৰ দোকান এখনত স্থাপন কৰিছে অন্ন এটিএম মেচিন৷ এইটো ৰাজ্যখনৰ প্ৰথমটো পাইলট প্ৰজেক্ট হিচাপে বিবেচিত হৈছে৷

অন্ন এটিএম মেচিনটো নিয়ন্ত্ৰণ কৰিবৰ বাবে লাগে দুজন ব্যক্তি৷ মেচিনৰ পিছফালে আছে ৰেচনৰ সুকীয়া চেম্বাৰ৷ সময়ে সময়ে চেম্বাৰত ভৰাব লাগে ৰেচন৷ এই মেচিনটো নিৰ্মিত হৈছে Make in india মিচনৰ জৰিয়তে। এটিএম মেচিনটো আধুনিক ভাৰতৰ অন্যতম পৰিচয় হিচাপে চিহ্নিত হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button