world cupখেলবিশ্ব

আজিৰে পৰা আৰম্ভ ফুটবলৰ মহাৰণ। কোন কোন দলে অংশ ল’ব এই মহাৰণত!

অন্তিমখন বিশ্বকাপত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু ৰোনাল্ডো, মেছি

বহু অপেক্ষাৰ অন্ত পেলাই অনুষ্ঠিত হ’বলৈ গৈ আছে বিশ্বকাপৰ মহাৰণ । আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতে আৰম্ভ হ’ব ফুটবলৰ মহাৰণ। এইবাৰ কোন দেশৰ দল শক্তিশালী, এইবাৰ কোন বিশ্ব চেম্পিয়ন হ’ব তাক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে, বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে বাছনি কৰিছে কোনখন দেশ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ’ব। ফিফা বিশ্বকাপ ২০২২ ৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড় আৰু অভিনেত্ৰী নৌৰা ফাতেহীয়ে।

 

 

২০ নৱেম্বৰ অৰ্থাৎ আজি আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২২। কাটাৰত উদ্বোধনী মেচত অংশগ্ৰহণ কৰিব আয়োজক কাটাৰ আৰু ইকুৱেডৰে। আল বেইট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেল খন। ইকুৱেডৰে আঠ বছৰৰ অনুপস্থিতিৰ পিছত ফিফা বিশ্বকাপৰ ফাইনেললৈ উভতি অহাৰ বিপৰীতে কাটাৰে ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰায় এমাহ ধৰি চলিব লগা এই ফুটবলৰ মহাৰণত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু ৰোনাল্ডো, মেছি, নেইমাৰ। ফিফা বিশ্বকাপ ২০২২ত অংশ ল’ব বিশ্বৰ ৩২ টাকৈ দলে। ৬৪ খন মেচ অনুষ্ঠিত হ’বলগীয়া এই মহাৰণৰ অন্ত পৰিব ১৮ ডিচেম্বৰত। ৮খনকৈ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেলসমূহ। আৰবীয় দেশত প্ৰথমবাৰৰ বাবে আয়োজন FIFA বিশ্বকাপৰ। মহাতাৰকা ৰোনাল্ডো, মেছিৰ অন্তিম বিশ্বকাপ এইখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 18 =

Back to top button