অৰ্থনৈতিকঅসমজীৱনশৈলী

পেলনীয়া ঢকুৱাৰ পৰা পাত আৰু বাটি নিৰ্মাণ কৰি স্বাৱলম্বী  গহপুৰৰ যুৱতী

 পঢ়ি থকাৰ লগতে স্বাৱলম্বী হোৱা প্ৰমিলাই এতিয়া স্বাৱলম্বীতাৰ নতুন নিদৰ্শন দাঙি ধৰিছে

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ একাংশ নিবনুৱাই কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলে বহি: ৰাজ্যলৈ। তেনে সময়তে গহপুৰৰ এগৰাকী যুৱতীয়ে ক্ষুদ্র উদ্যোগৰ জড়িয়তে অৰ্থনৈতিকভাবে স্বাৱলম্বনৰ নতুন পথ বাচি লৈছে।

গহপুৰৰ এগৰাকী উদ্যমী যুৱতীয়ে পিতৃৰ লগত মিলি বাৰীৰ পেলনীয়া ঢকুৱা সংগ্ৰহ কৰি তাৰ দ্বাৰা নিৰ্মাণ কৰিছে ঢকুৱাৰ পাত আৰু বাটি৷ পেলনীয়া ঢকুৱাৰ পৰা নিৰ্মিত এই পাত আৰু বাটিয়ে এতিয়া ৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

এই যুৱতীগৰাকী গহপুৰ মহকুমাৰ অন্তৰ্গত বাকৰি দলনি পঞ্চায়তৰ প্ৰমিলা ভঁৰালী। প্ৰমিলাই নিৰ্মাণ কৰি ওলোৱা পাত-বাতিয়ে দিল্লীত বিশেষ সমাদৰ লাভ কৰিছে।

পঢ়ি থকাৰ লগতে স্বাৱলম্বী হোৱা প্ৰমিলাই এতিয়া স্বাৱলম্বীতাৰ নতুন নিদৰ্শন দাঙি ধৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − five =

Back to top button