আন্তঃৰাষ্ট্ৰীয়

বালিৰে নিৰ্মিত এটা সুউচ্চ দুৰ্গই ভংগ কৰিলে বিশ্ব অভিলেখ

বলুকা শিল্পী উইলফ্ৰেড ষ্টিজগাৰে সাজি উলিয়াইছে ৬৯ ফুট উচ্চতাৰ এটা বালিৰ দুৰ্গ

বলুকা শিল্পৰ সৈতে অচিনাকী মানুহ হয়তো কম ওলাব। নৈৰ পাৰত অথবা সাগৰৰ পাৰৰ বালিত বালিঘৰ সজাৰ অভিজ্ঞতা বহুতৰে আছে। বলুকাত বিভিন্ন সুন্দৰ-সুন্দৰ চিত্ৰ অংকন কৰি পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱা ভাৰতীয় বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ নামো আপোনালোকে শুনিছে। কিন্তু বালিৰে সুউচ্চ দুৰ্গ নিৰ্মাণ কৰাৰ কথা আপোনালোকে শুনিছেনে?

বালিৰে নিৰ্মিত এটা সুউচ্চ দুৰ্গই ভংগ কৰিলে বিশ্ব অভিলেখ

ডেনমাৰ্কত নিৰ্মিত বালিৰ দুৰ্গ

বালিৰে দুৰ্গ নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ডেনমাৰ্কৰ এজন ব্যক্তিয়ে। বলুকা শিল্পী উইলফ্ৰেড ষ্টিজগাৰে সাজি উলিয়াইছে ৬৯ ফুট উচ্চতাৰ এটা বালিৰ দুৰ্গ। এই দুৰ্গটোত ব্যৱহৃত বালিৰ সৈতে মিহলোৱা হৈছে ১০% বোকামাটি। শীতকালতো ভাগি নপৰিবলৈ এই বালিৰ দুৰ্গটোত ব্যৱহাৰ কৰা হৈছে আঠা।

উল্লেখযোগ্য যে, ডেনমাৰ্কৰ ব্ল’খাছত সাজি তোলা এই দুৰ্গটোৱে ভংগ কৰিছে পূৰ্বৰ ৰেক’ৰ্ড। ২০১৯ চনত জাৰ্মানীত নিৰ্মাণ কৰা ১৭.৬৬ মিটাৰ উচ্চতাৰ এটা বালিৰ দুৰ্গই গিনিছ বুক অৱ ৱৰ্লড ৰেক’ৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

ডেনমাৰ্কত নিৰ্মাণ কৰা বালিৰ দুৰ্গটো সন্দৰ্ভত শিল্পী উইলফ্ৰেড ষ্টিজগাৰে কয় যে, “ক’ভিড মহামাৰীয়ে এই ভাস্কৰ্য নিৰ্মাণত যথেষ্ট উদগণি আগবঢ়াইছিল। দুৰ্গটোৰ ওপৰত স্থাপন কৰা হৈছে কৰ’ণা ভাইৰাছ আৰু ইয়াক এটা মুকুট পিন্ধোৱা হৈছে। যিহেতু বৰ্তমান সময়ত ক’ভিডে আমাৰ বিশ্বক শাসন কৰি আছে, সেইবাবে কৰ’ণা ভাইৰাছক মুকুট পিন্ধোৱা হৈছে। কৰ’ণা ভাইৰাছে আমাক মাস্ক পিন্ধিবলৈ শিকাইছে, পৰিয়ালৰ পৰা আঁতৰি থকাৰ লগতে নতুন ঠাইলৈ নগৈ ঘৰতে থাকি বিভিন্ন কাম-কাজ কৰিবলৈ শিকাইছে”।

ডেনমাৰ্কৰ এই উচ্চ বালিৰে নিৰ্মিত দুৰ্গটো চাবলৈ এতিয়া ভিৰ কৰিছে পৰ্যটকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button