অপৰাধঅভিনয়বলিউড

এটা বিজ্ঞাপনে বিপদত পেলাইছে বলীউড তাৰকা অক্ষয় কুমাৰক

আইনী যুঁজ দিব অভিনেতাগৰাকীয়ে

ডলাৰ কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰি বিপদত পৰিল বলীউড তাৰকা অক্ষয় কুমাৰ। আইনী যুঁজ দিব অভিনেতাগৰাকীয়ে।
অন্তৰ্বাসৰ বিজ্ঞাপনত অশ্লীল সংলাপ ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে অক্ষয় কুমাৰৰ বিৰোদ্ধে।
শেহতীয়াকৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা এইচ চি অৰোৰাই অক্ষয় কুমাৰ আৰু ডলাৰ কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। অধিবক্তাগৰাকীয়ে পঞ্জাৱ ৰাজ্যিক মহিলা আয়োগ আৰু মুম্বাইস্থিত ভাৰতীয় বিজ্ঞাপন ষ্টেণ্ডাৰ্ড পৰিষদৰ ওচৰত দুটা পৃথক অভিযোগ দাখিল কৰিছে।
অধিবক্তা এইচ চি আৰোৰাই অভিযোগ তুলিছে যে, বিজ্ঞাপনটোত দ্বৈত অৰ্থৰ সংলাপ ব্যৱহাৰ কৰা হৈছে। অভিযোগকাৰীগৰাকীয়ে কয় যে, বিজ্ঞাপনটোৰ শেষত অক্ষয় কুমাৰে কোৱা সংলাপটো ইমানেই অশ্লীল যে, যদি এজনী ছোৱালীয়ে তেওঁৰ পিতৃক সংলাপটোৰ অৰ্থ সোধে, তেন্তে পিতৃয়ে অৰ্থ ব্যাখ্যা কৰিব নোৱাৰিব।
অধিবক্তা এইচ চি অৰোৰাই বিজ্ঞাপনটো বন্ধ কৰিবলৈ আহ্বান জনাইছে। লগতে যদি আন কোনোৱে এনে বিজ্ঞাপন সম্প্ৰচাৰ কৰিব বিচাৰে, তেন্তে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত বৈদ্যুতিন চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও উল্লেখ কৰে৷
অৰোৰাই লগতে কয় যে, বিজ্ঞাপনটোৱে সম্পূৰ্ণৰূপে ভাৰতৰ বিজ্ঞাপন সংহিতাক উলংঘন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.