পৰিৱেশবতৰমনোৰঞ্জন

ছিকিমত প্ৰচণ্ড তুষাৰপাত, ৩০০ৰো অধিক ভাৰতীয় সেনাৰ পৰ্যটকক উদ্ধাৰ

উদ্ধাৰ কৰা সকলো পৰ্যটকক লগে লগে চিকিৎসা আৰু গৰম খাদ্য প্ৰদান কৰে সেনাই

ভাৰতীয় সেনাই বুধবাৰে উত্তৰ ছিকিমৰ লাচুঙত প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ থকা কমেও ৩০০ পৰ্যটকক উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সকলো পৰ্যটকক লগে লগে চিকিৎসা আৰু গৰম খাদ্য প্ৰদান কৰে সেনাই।

টুইটাৰযোগে ইষ্টাৰ্ণ কমাণ্ড ইণ্ডিয়ান আৰ্মীয়ে লিখে, “উত্তৰ ছিকিমৰ লাচুঙত হোৱা প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ থকা ৩০০ পৰ্যটকক ভাৰতীয় সেনাই সহায় কৰে। পৰ্যটকসকলক পথ মুকলি, চিকিৎসা সহায় আৰু গৰম আহাৰৰ জৰিয়তে সহায় কৰা হয়।”

শনিবাৰে ভাৰতীয় সেনাই নাথু লাৰ চীন সীমান্তৰ ওচৰৰ পূব ছিকিমৰ ওপৰৰ অঞ্চলত প্ৰচণ্ড বৰফৰ ফলত আৱদ্ধ হৈ থকা প্ৰায় ১,০২৭ জন পৰ্যটকক উদ্ধাৰ কৰে।

নাথু লা, টচমগো হ্ৰদ আৰু ইয়াৰ চাৰিওফালৰ এলেকাত প্ৰচণ্ড তুষাৰপাত হৈছিল, যাৰ ফলত তাপমাত্ৰা নিম্ন-শূন্য স্তৰলৈ হ্ৰাস হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.