অপৰাধভাৰত

মহাত্মা গান্ধীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হ’ল কালীচৰণ মহাৰাজক

ছত্তীশগড় আৰক্ষীয়ে বৃহস্পতিবাৰে চুবুৰীয়া মধ্য প্ৰদেশৰ পৰা হিন্দু ধৰ্মীয় নেতা কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ কৰে

ছত্তীশগড় আৰক্ষীয়ে বৃহস্পতিবাৰে চুবুৰীয়া মধ্য প্ৰদেশৰ পৰা হিন্দু ধৰ্মীয় নেতা কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ কৰে। মহাত্মা গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগত এজাহাৰ পঞ্জীয়ন কৰাৰ চাৰি দিন পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ মতে, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ তিনিটা পৃথক আৰক্ষী দল প্ৰেৰণ কৰা হৈছিল।

২৫-২৬ ডিচেম্বৰত ৰাজ্যৰ ৰাজধানী ৰায়পুৰত আয়োজিত ‘ধৰম সংসদ’ত অতিথি হিচাপে উপস্থিত থকা কালিচৰণে মহাত্মা গান্ধীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয় আৰু নাথুৰাম গডছেক হত্যা কৰাৰ বাবে প্ৰশংসা কৰা বুলি জানিব পৰা যায়।

কংগ্ৰেছ নেতা প্ৰমোদ দুবেৰ অভিযোগৰ ভিত্তিত দেওবাৰে নিশা তেওঁৰ বিৰুদ্ধে আইপিচি ধাৰা ৫০৫(২) আৰু ২৯৪ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

ইয়াৰ পূৰ্বে, পুনে মহানগৰ আৰক্ষীয়ে মঙলবাৰে ১৯ ডিচেম্বৰত পুনেত অনুষ্ঠিত ‘শিৱপ্ৰতাপ দিন’ কাৰ্যসূচীৰ সময়ত বিতৰ্কিত ভাষণ দিয়াৰ অভিযোগত কালিচৰণ মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

ইফালে, মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই কালিচৰণক গ্ৰেপ্তাৰ কৰাক লৈ আপত্তি জনাই কয় যে, ছত্তীশগড় আৰক্ষীয়ে মধ্য প্ৰদেশ আৰক্ষীক কালিচৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে অৱগত নকৰি নিয়ম উলংঘা কৰিছিল। এক টুইটযোগে তেওঁ মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানক তেওঁৰ ছত্তীশগড়ৰ সমকক্ষৰ সৈতে কথা পাতিবলৈ আৰু তেওঁৰ প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.