শ্ৰেণীবিহীন

নাগালেণ্ডৰ হত্যাকাণ্ডৰ পাছত গৃহ মন্ত্ৰী অমিত শ্বাহে আজি উভয় সদনক সম্বোধন কৰিব

এখন উচ্চস্তৰীয় বিশেষ তদন্তকাৰী কমিটি গঠন কৰা হ’ব বুলিও ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

৪ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ গুলীবৰ্ষণত ১৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পাছত ক্ৰমাত হিংসাত্মক হৈ পৰে নাগালেণ্ড।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও নাগালেণ্ডৰ ঘটনাত শোক প্ৰকাশ কৰি ঘটনাৰ উচিত তদন্তৰ বাবে এখন উচ্চস্তৰীয় বিশেষ তদন্তকাৰী কমিটি গঠন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চৰকাৰক ঘটনাৰ সত্যতা সম্পৰ্কে দেশবাসীক জনোৱাৰ বাবে দাবী জনেৱাৰ পাছত আজি কেন্দ্ৰত উভয় সদনক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

উল্লেখ্য যে, নাগালেণ্ডতো দুৰ্ভাগ্যজনক ঘটনাটোৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু মন জিলাত সান্ধ্য আইন ঘোষণা কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰিবলগীয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.