Socialঅসম

সাংবাদিকক বাতৰি সংগ্ৰহত বাধা, অভিযোগ উঠিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিবৰ বিৰুদ্ধে

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলাবলৈ যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰিছিল পাৰ্থপ্ৰতিম বৰুৱাই।

পুনৰ বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়। এইবাৰ বিতৰ্কৰ মূল কাৰণ-বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব পাৰ্থপ্ৰতিম বৰুৱা।
সাংবাদিকক অসভ্য আচৰণ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক তথা শ্ৰেণীসমূহৰ সচিব প্ৰধান পাৰ্থপ্ৰতিম বৰুৱা।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলাবলৈ যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰিছিল পাৰ্থপ্ৰতিম বৰুৱাই।

তদাৰকী কোষৰ অভিযান চলি থকাৰ সময়তে দৃশ্য সংগ্ৰহ কৰাত ব্যস্ত সাংবাদিকৰ মোবাইল কাঢ়ি নিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেনীসমূহৰ সচিব প্ৰধানগৰাকীয়ে। কৰ্তব্যৰত সাংবাদিকক বাতৰি সংগ্ৰহত বাধা দিয়াৰ অভিযোগ উঠিছে সচিব পাৰ্থপ্ৰতিম বৰুৱাৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.