Socialধাৰ্মিক

কেদাৰনাথত প্ৰধানমন্ত্ৰী, উন্মোচন কৰিলে আদি গুৰু শংকৰাচাৰ্য্যৰ প্ৰতিমূৰ্তি…

অসমৰ তীৰ্থস্থানৰ সৈতেও ভাৰ্ছুৱেলী উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেদাৰনাথত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী। শুকুৰবাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বাবা কেদাৰনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে ১৩ ফুট উচ্চতাৰ আদি গুৰু শংকৰাচাৰ্য্যৰ প্ৰতিমূৰ্তি।

প্ৰতিমূৰ্তি উন্মোচনৰ পিছত প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেখেতে এই অনুষ্ঠানত ২২৫ কোটি টকাৰ এটা উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন কৰে। লগতে বিগত ১০০ বছৰত অহা পৰ্যটকতকৈও অধিক সংখ্যক পৰ্যটক অহা ১০ বছৰত উত্তৰাখণ্ডলৈ আহিব বুলি উত্তৰাখণ্ডৰ লোকসকলক আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

কোন এই গুৰু শংকৰাচাৰ্য্য?

আদি শংকৰাচাৰ্য্য হৈছে অষ্টম শতিকাৰ ধৰ্মীয় গুৰু। প্ৰচলিত মতে, ৭৮৮ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল আদি শংকৰাচাৰ্য্যই। সত্যৰ বচনেৰে সকলোকে আদৰ্শৰ পথ দেখুওৱা শংকৰাচাৰ্য্যই ভাৰতৰ চাৰিটা স্থানত-বদ্ৰীনাথ, পুৰী, দ্বাৰকা আৰু শ্ৰীনগৰীত স্থাপন কৰিছিল চাৰিখন আশ্ৰম। কেদাৰনাথৰ সৈতে আছিল এইজন মহান মণীষীৰ সম্পৰ্ক। কেদাৰনাথত সমাধিস্থ কৰা হৈছিল গুৰু শংকৰাচাৰ্য্যক। তেখেতৰ শিষ্যসকলে কেদাৰনাথৰ জংঘলৰ মাজেদি খোজ কাঢ়ি যাওঁতেই অন্তিমবাৰৰ বাবে দেখিছিল আদি গুৰু শংকৰাচাৰ্য্যক। তাৰপিছত অন্তৰ্ধান হৈছিল গুৰু শংকৰাচাৰ্য্য।

শুকুৰবাৰে, কেদাৰনাথত পূজা-অৰ্চনা কৰি পৰৱৰ্তী সময়ত কেদাৰনাথত আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে শংকৰাচাৰ্য্যৰ প্ৰতিমূৰ্তি। এই অনুষ্ঠানৰ লগত সংগতি আয়োজন কৰা হয় এক বিশেষ আধ্যাত্মিক অনুষ্ঠান।

অসমৰ তীৰ্থস্থানৰ সৈতেও ভাৰ্ছুৱেলী উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ কামাখ্যা, মহাভৈৰৱ, টিলিঙা মন্দিৰ, শিৱদৌল, টুকলেশ্বৰী (গোৱালপাৰা) শিৱ মন্দিৰতো আয়োজন কৰা হয় এক ধৰ্মীয় অনুষ্ঠানৰ।

আদি গুৰু শংকৰাচাৰ্য্যই ভ্ৰমণ কৰা দেশৰ বিভিন্ন ধার্মিক স্থানত ভাচুৱের্লযোগে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.