দুঃখবৰে যেন লগ এৰা নাই বলিউড চিনেমা জগতৰ। শুকুৰবাৰে পুনীথ ৰাজকুমাৰৰ মৃত্যুৰ পিছতে শনিবাৰে মৃত্যুক সাবটি লয় প্ৰবীণ অভিনেতা য়ুছুফ হুছেইনে।
ক’ভিড-১৯ত আক্ৰান্ত হৈ মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। চিকিৎসাধীন অৱস্থাতেই শনিবাৰে পুৱা মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ।
অভিনেতাগৰাকীৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰি তুলিছে সকলোকে। সকলোৱে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বলিউড অভিনেতা অভিষেক বচ্চন, মনোজ বাজপেয়ীয়েও য়ুছুফ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
#RIP Yusuf ji. We worked together in several films starting with Kuch na kaho and lastly on Bob Biswas. He was gentle, kind and full of warmth. Condolences to his family. 🙏🏽 pic.twitter.com/6TwVnU0K8y
— Abhishek 𝐁𝐚𝐜𝐡𝐜𝐡𝐚𝐧 (@juniorbachchan) October 30, 2021
চিত্ৰ নিৰ্মাতা সঞ্চল মেহতাইও প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুত, সোণালী দিনৰ স্মৃতি ৰোমন্থন কৰি টুইটাৰত শ্বেয়াৰ কৰে এক শোক বাৰ্তা।
https://twitter.com/mehtahansal/status/1454205559628972037
তেওঁ লিখে যে, ‘মই মোৰ চিনেমা Shahidৰ ২ টা অনুসূচী সম্পূৰ্ণ কৰিছিলো। কিন্তু মই যথেষ্ট অসুবিধাত পৰিছিলো। এজন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে এক অস্তিত্বহীন কেৰিয়াৰ প্ৰায় সম্পূৰ্ণৰূপে সমাপ্ত হৈছিল। সেই সময়তে তেওঁ মোৰ ওচৰলৈ আহি কৈছিল যে মোৰ এটা ফিক্সড ডিপজিট আছে আৰু যদি তুমি ইমান অসুবিধাত পৰিছা তেন্তে এয়া তুমি ব্যৱহাৰ কৰিব পাৰিবা। তেওঁ মোক এখন চেক লিখি দিছিল আৰু তাৰ পৰৱৰ্তী সময়তে সম্পন্ন হৈছিল Shahid।’
উল্লেখ্য যে, Vivaah, Dhoom 2, Khoya Khoya Chand, Crazy Cukkad Family, Road To Sangam, Kuch Naa kaho, Bob Biswas আদিৰ দৰে বহুকেইখন চিনেমাত সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সকলোকে।
