দুৰ্ঘটনাভাৰত

পিতৃৰ সন্মুখতে ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিলে এটা বাঘে

বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰীগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তেই মৃত্যু হয়

১৬ বছৰীয়া কিশোৰীক পিতৃৰ সন্মুখতে আক্ৰমণ কৰি হত্যা কৰিলে এটা হিংস্ৰ বাঘে।

দেওবাৰে মধ্যপ্ৰদেশৰ চেওনি বনাঞ্চলত এগৰাকী ১৬ বছৰীয়া কিশোৰীক পিতৃৰ সন্মুখতে এটা বাঘে আক্ৰমণ কৰে।

পিতৃ-কন্যাই বনাঞ্চলখনৰ ভিতৰত তেওঁলোকৰ হেৰোৱা পশুধন বিচৰিবৰ বাবে প্ৰৱেশ কৰোতেই ঘটে এই অঘটন। কিশোৰী গৰাকীক বাঘটোৱে আক্ৰমণ কৰাৰ পাছত কিশোৰীগৰাকীৰ পিতৃয়ে বাঘটোক এডাল লাঠিৰে আক্ৰমণ কৰি কন্যাক বচাবলৈ চেষ্টা কৰে যদিও বাঘটোৱে ওলোটাই পিতৃকো আক্ৰমণ কৰে।

বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰীগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তেই মৃত্যু হয় কিশোৰী গৰাকীৰ। ইপিনে, আঘাটপ্ৰাপ্ত কিশোৰীগৰাকীৰ পিতৃয়ো বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.