অৰ্থনৈতিকভাৰত

সাধাৰণ নিমখকণৰ পৰা আকাশৰ উচ্চতাত উৰা এয়াৰ ইণ্ডিয়ালৈ সকলোতে এতিয়া দখল টাটাৰ।

এয়াৰ ইণ্ডিয়াৰ নিবিদাত জয়লাভ টাটা ছনছৰ

সাধাৰণ নিমখকণৰ পৰা আকাশৰ উচ্চতাত উৰা এয়াৰ ইণ্ডিয়ালৈ সকলোতে এতিয়া দখল টাটাৰ।

নিমখৰ, মচলা, ছফ্টৱেৰ, যান–বাহন খণ্ডলৈকে সকলোতে প্রতিষ্ঠিত কোম্পানী টাটা ছনছে এইবাৰ ক্রয় কৰিলে এয়াৰ ইণ্ডিয়া।

স্পাইচ জেটৰ অজয় সিং নেতৃত্বাধীন কনচৰটিয়ামক নিবিদাত পৰাজিত কৰি এয়াৰ ইণ্ডিয়া ক্রয় কৰিলে টাটা ছনছে৷

৬১,৫৬২ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ থকা এয়াৰ ইণ্ডিয়াৰ নিবিদা ১৮ হাজাৰ কোটি টকাত ক্রয় কৰিবলৈ সক্ষম হ’ল টাটাই৷ এয়াৰ ইণ্ডিয়াৰ এশ শতাংশ স্বত্বাধিকাৰী লাভ কৰাৰ উপৰি টাটাই এয়াৰ ইণ্ডিয়া এছএটিএছ এয়াৰপ’ট ছার্ভিচেছ প্রাইভেট লিমিটেডৰ ৫০ শতাংশয়ো শ্বেয়াৰ ক্রয় কৰে৷

এয়াৰ ইণ্ডিয়াৰ নিবিদাত জয়লাভ কৰাৰ পাছতে ৰতন টাটাই সন্তুষ্টি প্রকাশ কৰিছে৷ কিয়নো এয়াৰ ইণ্ডিয়াৰ প্রকৃত স্বত্বাধিকাৰী আছিল টাটা৷ দেশত অসামৰিক বিমান পৰিবহণৰ বাট মুকলি কৰা টাটা গ্রুপে ১৯৪৬ চনত নিজৰ টাটা এয়াৰলাইনছক ৰাজহুৱা খণ্ডলৈ ৰূপান্তৰিত কৰিছিল৷ যুটীয়া ষ্টক কোম্পানী হিচাপে টাটাই এয়াৰ ইণ্ডিয়া নামকৰণ কৰি ১৯৪৮ চনৰ ৮ জুনত এয়াৰ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ ৰূপত প্রথম ৰাজহুৱা ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰিছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.