আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী

আজি আন্তৰ্জাতিক শান্তি দিৱস! কিয় বিশ্ববাসীয়ে পালন কৰে এই দিৱস?

International Peace Day

প্ৰতিবছৰে ২১ ছেপ্তেম্বৰৰ দিনটো আন্তৰ্জাতিক শান্তি দিৱস (International Peace Day) হিচাপে উদযাপন কৰা হয় ৷
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, ২৪ ঘন্টা অহিংসা আৰু যুদ্ধ বিৰতি পালন কৰি এটা নিৰ্দিষ্ট দিনত শান্তিৰ ধাৰণাটো আৰু অধিক শক্তিশালী কৰি তোলা হওক ৷ তাৰ পাছত ১৯৮১ চনৰ পৰা আন্তৰ্জাতিক শান্তি দিৱস ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ দ্বাৰা উদযাপন কৰা হয় ৷ ইয়াৰ দুটা দশক পিছত অৰ্থাৎ ২০০১ চনত সাধাৰণ পৰিষদে স্বয়ংক্ৰিয়ভাৱে এটা নিৰ্দিষ্ট দিনত সমগ্ৰ বিশ্বতে অহিংসা আৰু যুদ্ধবিৰতি পালনৰ বাবে আন্তৰ্জাতিক শান্তি দিৱস হিচাপে পালনৰ বাবে ভোট গ্ৰহণ কৰে।
হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতাক জাগ্ৰত কৰা বিশ্ব শান্তি দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ৰথমে ১৯৮২ চনত পালন কৰা হৈছিল। ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে।
এই দিৱসৰ উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত জাপানী শান্তি ঘণ্টা বজোৱা হৈছিল। এই ঘণ্টা আফ্ৰিকা মহাদেশৰ বাদে আন সকলো মহাদেশৰ লৰা-ছোৱালীয়ে দান কৰা মুদ্ৰাৰে বনোৱা হৈছিল।
এখন যুদ্ধবিহীন বিশ্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ “তৃতীয় মংগলবাৰ” ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক “আন্তৰ্জাতিক শান্তি দিৱস” হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে “আন্তৰ্জাতিক শান্তি দিৱস ” হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।
“আন্তৰ্জাতিক শান্তি দিৱস” উপলক্ষে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে “শান্তি ঘণ্টা” বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়। তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.