অপৰাধঅৰ্থনৈতিকঅসমদৈনিক বাতৰি

বিচিন্ন হোৱা দিশে হাজো আৰু জালুকবাৰী সমষ্টিৰ যোগাযোগ ব্যৱস্থা!

ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবে এতিয়া বিপদজনক যাতায়ত অঞ্চলটোৰ ৰাইজৰ

বিচিন্ন হোৱা দিশে হাজো আৰু জালুকবাৰী সমষ্টিৰ যোগাযোগ ব্যৱস্থা!

নিৰ্মাণৰ দুমাহ নৌহওঁতেই তৰপে তৰপে খহি পৰিল দলঙৰ ছাইড বাম। ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবে এতিয়া বিপদজনক যাতায়ত অঞ্চলটোৰ ৰাইজৰ।

মুখ্যমন্ত্ৰী গৃহ সমষ্টি আৰু হাজো সমষ্টিৰ মাজত থকা ভেলামাৰীৰ ক’লজল নৈ সংযোগ কৰি দুয়োটা সমষ্টিৰ লোকসকলৰ বহুদিনীয়া অপেক্ষাৰ অন্তত অঞ্চলটোৰ দুয়োপাৰৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে প্ৰায় দুমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এখন কাঠৰ দলং। প্ৰায় ১৫ লাখ টকা ব্যায়ৰে নিৰ্মান কৰা হৈছিল এই দলংখন।

পিচে দুমাহ পূৰ্বে নিৰ্মান হোৱা দলঙৰ ছাইড বাম তৰপে তৰপে খহি যায়। ফলত এতিয়া যাতায়তৰ ভিষন সমস্যাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ।

হাজো সমষ্টিৰ বিধয়িকাৰ অতি ঘনিষ্ঠ ঠিকাদাৰৰ দ্বাৰা নিৰ্মিত এই দলংখন দুই এদিনতে ক’লজল নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।

দলংখন নিৰ্মিয়মান অৱস্থাতে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজ তথা দল সংগঠনে। কিন্তু ৰাইজ আৰু দল সংগঠনৰ অভিযোগক গুৰুত্বহীন কৰি নিম্ন মানৰ কামৰে চৰকাৰী ধনৰ শৰধ কৰিছিল বিষয়া আৰু ঠিকাদাৰে। যাৰ পৰিণতি স্বৰূপে নিৰ্মাণৰ দুমাহ সম্পূৰ্ণ নহওতেই তৰপে তৰপে খহি পৰে দলংখনৰ ছাইড বাম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.