Internationalআন্তঃৰাষ্ট্ৰীয়বিশ্ব

পাকিস্তানলৈ আহিব ড’নাল্ড ট্রাম্প!

ড'নাল্ড ট্রাম্পে কৈছে, 'যদি চুক্তি স্বাক্ষৰ হয় মই পাকিস্তানলৈ যাম। তেওঁলোকে মোৰ উপস্থিতি বিচাৰিছে। চুক্তিত মই স্বাক্ষৰ কৰিম।'

ইৰাণ যুদ্ধৰ অৱসানৰ বাবে বুধবাৰে ইছলামাবাদত আমেৰিকা-ইৰাণৰ অনুষ্ঠিত হ’ব দ্বিতীয়লানি আলোচনা। সোমবাৰলৈকে আলোচনাত নবহে বুলি কৈ থকা ইৰাণ অৱশেষত আলোচনাৰ বাবে সন্মত হৈছে। ড’নাল্ড ট্ৰাম্পে ইছলামাবাদলৈ প্ৰেৰণ কৰিছে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স, জাৰড কুজনাৰ,ষ্টিভ উইটকফৰ নেতৃত্বত এটা প্ৰতিনিধি দল। ইৰানৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আব্বাছ আৰাঘচি আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে আলোচনাত ভাগ লোৱাৰ সম্ভৱনা আছে। তেওঁলোকক লগ কৰিবলৈকে আহিব ট্রাম্প।

এই সন্দৰ্ভত ড’নাল্ড ট্রাম্পে কৈছে, ‘যদি চুক্তি স্বাক্ষৰ হয় মই পাকিস্তানলৈ যাম। তেওঁলোকে মোৰ উপস্থিতি বিচাৰিছে। চুক্তিত মই স্বাক্ষৰ কৰিম।’ উল্লেখ্য যে, ড’নাল্ড ট্রাম্প যদি পাকিস্তানলৈ সঁচাকৈ আহে, তেন্তে বিশ্ব কূটনীতিত এয়া হ’ব পাকিস্তানৰ দুৰ্দান্ত সাফল্য। কিয়নো, দ্বিতীয় কাৰ্যকালত ট্রাম্প কোনো এছীয় দেশলৈ অহা নাই ।

প্ৰথম কাৰ্যকালতো ট্রাম্প পাকিস্তানলৈ যোৱা নাছিল। অৱশ্যে সেইবাৰ তেওঁ ভাৰত ভ্ৰমণ কৰিছিল । গুজৰাটত ট্রাম্পে ভাগ লৈছিল ‘নমস্তে ট্রাম্প’ অনুষ্ঠানত এইবাৰ ইৰান যুদ্ধত পাকিস্তানে হঠাতে বিশ্ব কূটনীতিত অসামান্য গুৰুত্ব লাভ কৰিছে । পাকিস্তানৰ দৰে গুৰুত্ব পিছে ভাৰতে পোৱা নাই

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ এই মধ্যস্থতাক দালালী বুলিয়েই অভিহিত কৰিছিল। কিন্তু ভাৰতে পাকিস্তানক ঠাট্টা-মস্কৰা কৰিলেও আন্তঃৰাষ্ট্ৰীয় কূটনীতিত পাকিস্তানৰ গুৰুত্ব বৃদ্ধি পোৱাটো বাস্তৱ সত্য। ইৰান-আমেৰিকাৰ যুদ্ধত মধ্যস্থতাকাৰী হৈয়েই পাকিস্তানে এই গুৰুত্ব অৰ্জন কৰিছে। মূলতঃ আমেৰিকাই এই ক্ষেত্ৰত আস্থাত লৈছে পাকিস্তানক।

পাক সেনাপ্ৰধান আছিম মুনিৰ ট্রাম্পৰ আস্থাভাজন । ট্রাম্পৰ আমন্ত্ৰণত তেওঁ বহুবাৰ আমেৰিকা ভ্ৰমণ কৰিছে। ফিল্ড মাৰ্শ্বাল মুনিৰৰ এই যুদ্ধ বন্ধ হোৱাত বৃহৎ অৱদান আছে। যুদ্ধবিৰতিতো আছে মুনিৰৰ অৱদান। জেনেৰেল মুনিৰৰ জৰিয়তেই পাকিস্তানে লাভ কৰিছে বিশ্ব ৰাজনীতিত গুৰুত্ব

ইফালে ইৰানৰ বাবে পাকিস্তানক আস্থাত লোৱাৰ বাহিৰে বিকল্প নাই । কিয়নো, পাকিস্তান মুছলিম দেশ আৰু আমেৰিকাৰো আস্থাভাজন আনহাতে, প্ৰতিবেশী সকলো মুছলিম দেশেই ইৰানৰ শত্ৰু। এই ৰাজনৈতিক পৰিস্থিতিৰ বাবেই এতিয়া হঠাতে পাকিস্তান হৈ পৰিছে ‘বিশ্বগুৰু’।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.