
পুটিন-মোদীৰ ঘোষণাপত্ৰ….
ট্ৰাম্পৰ বাধা নামানে মোদী-পুটিনে। ভাৰতলৈ অব্যাহত থাকিব ৰাছিয়াৰ খাৰুৱা তেলৰ যোগান। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ কৰাৰ অংগীকাৰ মোদী-পুটিনৰ।
এইবাৰ ভাৰতলৈ ৰাছিয়াৰ পৰমাণু প্ৰযুক্তি। আমেৰিকাৰ সৈতে ভাৰতৰ শুল্কযুদ্ধ তুংগত উঠাৰ পৃষ্ঠভূমিত ভাৰত-ৰাছিয়াৰ মৈত্ৰীৰ নতুন দিগন্তৰ সূচনা। পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-ৰাছিয়া মৈত্ৰীৰ নতুন উচ্চতালৈ আৰোহণ। আমেৰিকাৰ ৰঙাচকুক অৱজ্ঞা কৰি ভাৰতলৈ ৰাছিয়াৰ খাৰুৱা তেলৰ যোগান অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে পুটিনে। আমেৰিকাৰ হেঁচা স্বত্বেও ভাৰতলৈ নিৰন্তৰ আহিব ৰাছিয়াৰ খাৰুৱা তেল। উল্লেখ্য যে, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ৫০ শতাংশ আৰোপ কৰিছে। অকল ইমানেই নহয়, ভাৰতক ৰাছিয়াই পৰমাণু প্ৰকল্প প্ৰযুক্তি দিব বুলিও ঘোষণা কৰে পুটিনে। গেছ, কয়লা, ইন্ধনকে ধৰি ইউৰিয়া সাৰ ৰসায়নপৰ্যন্ত ভাৰতক যোগান ধৰিব বুলি ঘোষণা পুটিনৰ। ২০২৩ চনলৈকে ভাৰত আৰু ৰাছিয়াৰ অৰ্থনৈতিক সহযোগিতাক নতুন মাত্ৰা দিয়াৰ পোষকতা কৰে পুটিনে। যুটীয়া বিবৃতিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধক ৰাছিয়াই সমৰ্থন দিয়াৰ অংগীকাৰ কৰে। পেহেলগাম কাণ্ডক গৰিহণাও দিয়ে পুটিনে।


