
মহিলা বিশ্বকাপ জয় কৰি বৰঝাৰ বিমানবন্দৰত নিশা উপস্থিত হ’ল অসম কন্যা উমা ছেত্ৰী । দিল্লীৰ পৰা বিমানযোগে বৰঝাৰ বিমান বন্দৰত নিশা দহ বজাত উপস্থিত হয় উমা ছেত্ৰী । বিমান বন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনাই যদিও বিশ্ব জয় কৰি উভতি অহা উমা ছেত্ৰীক আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰী পক্ষৰ কোনো লোকে । আনকি অসম ক্ৰিকেট সন্থাৰ মাত্ৰ এজন লোক উপস্থিত হৈ ডিঙিত গামোচা দিয়েই সামৰিলে দায়িত্ব ।
নিমাওমাও পৰিৱেশৰ মাজেৰেই বিমান বন্দৰৰ পৰা নিশাই গোলাঘাটৰ বাসগৃহলৈ ৰাওনা হয় যদিও যাত্ৰাপথত দেখা নগ’ল কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা। আদৰণি জনাবলৈ আহৰি নোপোৱা সন্দৰ্ভত কোনো উত্তৰ নাই অসম ক্ৰিকেট সন্থাক প্ৰতিনিধিত্ব কৰিবলৈ উপস্থিত হোৱা লোকজনৰ । ইয়াকে লৈ কেমেৰাৰ সন্মুখত কান্দি কান্দি ক্ষোভ উজাৰিলে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল কুমাৰ ছেত্ৰীয়ে । আনহাতে, উমা ছেত্ৰীয়ে ব্যক্ত কৰিলে বিশ্ব জয় কৰিবলৈ সক্ষম হোৱাৰ আঁৰৰ কথা ।
সকলোকে ধন্যবাদ জ্ঞাপন কৰি উমাই কয়, “খুবেই ভাল লাগিছে, ইমান ধুনীয়াকৈ আদৰণি জনোৱাৰ বাবে । অসম ক্ৰিকেট সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ । প্ৰথমবাৰ মই এনেকে লগ পাইছোঁ তেওঁলোকক । মোৰ প্ৰশিক্ষণৰ সময়ত সহায় কৰা সকলোৰে নাম ল’লে বহুত দীঘল হৈ যাব, আটাইকে মই ধন্যবাদ জনাইছোঁ । অসম ক্ৰিকেট সন্থা, যিয়ে মোক সদায় সহায় কৰি আহিছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ ।” ইফালে উমাক আদৰণি জনোৱাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থা তথা চৰকাৰী পক্ষৰ হেমাহি দেখি ক্ষোভিত হৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল কুমাৰ ছেত্ৰীয়ে কয়, “বিশ্ব জয় কৰি আহিছে, গোটেই ভাৰত আজি তেওঁলোকক লৈ উত্তৰ-পূবৰ তথা অসমৰ একমাত্ৰ ছোৱালী, তাই বিশ্ব জয় কৰি আহিছে । তাই আজি অসমৰ ভূমিত পদাৰ্পণ কৰিছে, কিন্তু তাইক আদৰিবলৈ কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে । উমা ছেত্ৰীক কিয় অবহেলা কৰিছে চৰকাৰে ?”
