Assamassam policeleatest update

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বৃহৎ সিদ্ধান্ত।

একেদিনাই ৰদ-বদল নগাঁৱৰ ১৪৬ লাট মণ্ডল

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বৃহৎ সিদ্ধান্ত। একেদিনাই ৰদ-বদল কৰা হ’ল নগাঁৱৰ ১৪৬ লাট মণ্ডল। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতি ৰোধৰ বাবে কৰা হৈছে এই ৰদ-বদল।

দীৰ্ঘদিনে একেটা কাৰ্যালয়ত থাকি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ একাংশ লাট মণ্ডলৰ বিৰুদ্ধে।

২৮ বছৰ পৰ্যন্ত একেটা কাৰ্যালয়ত কৰ্মৰত হৈ থকাৰো অভিযোগ একাংশ লাট মণ্ডলৰ বিৰুদ্ধে।

উল্লেখ্য যে, নগাঁৱৰ আটাইকেইটা চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলক কৰা হৈছে ৰদ বদল। সোমবাৰৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে থকা ৰাইজৰ অভিযোগৰ শুনানি গ্ৰহণ কৰিব জিলা আয়ুক্তই।

জিলা আয়ুক্তৰ এনে সিদ্ধান্তক আদৰণি জনাইছে সমগ্ৰ ৰাইজে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.