
ব্যস্ত মহানগৰীত ঘৰমুৱা হৈ গৈ থকাৰ অৱস্থাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতীয়াই লৈ যায় উঠি অহা এজন নৱপ্ৰজন্মক যাৰ নাম ছামিউল হক।একাংশ অভিযোগ অনুসৰি ঘটনা সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰিছিল অভিনেত্ৰী গৰাকীয়ে ।অভিনেত্ৰী গৰাকীৰ ভাষ্য অনুসৰি ছামিউল হকে দুৰ্ঘটনাটোত কিছু কিছু অংশতহে আঘাত পাইছে।ৰাতি বহু হোৱাৰ বাবে অভিনেত্ৰীগৰাকীৰ আৰক্ষীৰ কাষত যোৱা নাছিল ।কেৱল ইমানেই নহয় পৰিয়াৰ অভিযোগ অনুসৰি নন্দিনী কাশ্যপবে এবাৰো খবৰ লোৱা নাছিল ছামিউল হকৰ । উল্লেখ্য যে, নিশা মহানগৰীৰ দক্ষিণগাঁও অঞ্চলত সংঘটিত হোৱা হিট এণ্ড ৰানত নন্দিনীৰ গাড়ী জড়িত থকাৰ অভিযোগত সোমবাৰে দিছপুৰ আৰক্ষীয়ে নন্দিনীক জেৰা কৰে।জানিব পৰামতে চামিউল হক এজন অভিযান্ত্ৰিক ছাত্ৰ আছিল। উক্ত ঘটনাৰ সন্দৰ্ভত কালি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হয় নন্দিনী কাশ্যপক। নিশাটো পানবজাৰ আৰক্ষী থানাতে ৰখা হয় নন্দিনীক। নন্দিনীয়ে ব্যৱহাৰ কৰা বাহন জব্দ আৰক্ষীৰ। নিশাটো পানবজাৰ মহিলা থানাতে কটালে নন্দিনী কাশ্যপে। ইফালে দিছপুৰ থানাত দ্বিতীয়খন এজাহাৰ ছামিউলৰ পৰিয়ালৰ। আজি দিছপুৰ থানালৈ নিয়া হ’ব অভিনেত্ৰীগৰাকীক। ইতিমধ্যে GMCHত ছামিউলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন। মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘৰলৈ লৈ যোৱা হ’ল মৃতদেহ। ছামিউলৰ নলবাৰীস্থিত বাসগৃহত শোকাকুল পৰিৱেশ। শোকস্তব্ধ পিতৃ-মাতৃ, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া। অমায়িক ছামিউলৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।