SocialViral

ৰাছিয়াত প্ৰৱল ভূমিকম্পৰ পাছত ছুনামি

জাৰি কৰা হৈছে বহু দেশত সতৰ্কবাণী

ৰাছিয়াৰ কমচাটকা উপসাগৰৰ কাষৰীয়া অঞ্চলত আজি পুৱা ৮.৮ তীব্ৰতাৰ এক শক্তিশালী ভূমিকম্প অনুভূত হয়।
১৯৫২ ৰ পিছত এই অঞ্চলত হোৱা ই এক অন্যতম প্ৰবল ভূমিকম্প বুলি জনোৱা হৈছে।ভূমিকম্পৰ ফলত অঞ্চলটোৰ বিভিন্ন ঠাইত ৩-৪ মিটাৰ দীঘল ছুনামিৰ ঢৌ পৰ্যবেক্ষণ কৰা হয়।এই ঢৌৱে কিছুমান ঠাইত বানপানী আৰু অৱকাঠামগত ক্ষতি সাধন কৰে। ৰাছিয়াৰ উত্তৰ কুৰিল দ্বীপসমূহত অৱস্থানীয় সতৰ্কবাণী জাৰি কৰা হয় আৰু চেভেৰো-কুৰিলস্ক চহৰৰ প্ৰায় ২,০০০ বাসিন্দাক সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হয়। জানিব পৰা মতে জাপান, হাৱাই, এলাস্কা আৰু আমেৰিকাৰ পশ্চিম উপকূলতো সুনামিৰ সতৰ্কবাণী দিয়া হয়। NDTV ৰ মতে, জাপানৰ হোক্কাইডোত প্ৰায় ৩০ চেণ্টিমিটাৰ দীঘল ঢৌ পৰ্যবেক্ষণ কৰা হয়। জাপান চৰকাৰে উপকূলীয় অঞ্চলৰ বাবে উচ্ছেদ আদেশ জাৰি কৰে, য’ত সুনামিৰ ঢৌ ৩ মিটাৰ (৯.৮ ফুট)লৈ বৃদ্ধি পোৱাৰ আশঙ্কা প্ৰকাশ কৰা হৈছে। আনহাতে হাৱাইত সুনামিৰ আশঙ্কাত সাইৰেন বজোৱা হয় লগতে যানবাহনৰ ভিৰ পৰিলক্ষিত হয়, আৰু সাধাৰণ লোকসকলক সুৰক্ষিত ঠাইলৈ যাবলৈ আহ্বান জনোৱা হয়। লগতে তাত বাণিজ্যিক বন্দৰ বন্ধ ঘোষণা কৰা হয়, আৰু ইউ.এছ. কাষ্ট গাৰ্ডেও হাৱাইৰ পোৰ্টসমূহ সাময়িকভাৱে বন্ধ কৰে।আনহাতে চীনৰ সুনামি সতর্কীকৰণ কেন্দ্ৰই জাননী দিয়ে যে চীনৰ পূব উপকূলত ৩০ চেণ্টিমিটাৰৰ পৰা ১ মিটাৰ দীঘল ঢৌ আঘাত কৰিব পাৰে। ইণ্ডোনেচিয়া আৰু তাইৱানেো সুনামিৰ সতৰ্কবাণী জাৰি কৰা হয়।ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ তথ্য কেন্দ্ৰ (INCOIS)-এ স্পষ্ট কৰি দিছে যে ভাৰত আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ বাবে কোনো সুনামি আশংকা নাই।
ভূমিকম্পৰ পিছত ৭.৫ তীব্ৰতাৰ আফ্টাৰশ্ব’ এক মাহলৈ পৰ্যন্ত অব্যাহত থাকিব পাৰে বুলি বিজ্ঞানীয়ে জানিবলৈ দিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.