প্ৰযুক্তিবিজ্ঞানবিশ্ব

২০ জুলাই! আজিৰ দিনটো মানৱ সভ্যতাৰ বাবে এক বৃহৎ দিন

“এইটো মানুহৰ বাবে এটা সৰু পদক্ষেপ কিন্তু মানৱজাতিৰ বাবে এটা ডাঙৰ জাপ”

আজি ২০ জুলাই। আজি এক বিশেষ দিন। আজিৰ দিনটোতে মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰত খোজ দিছিল।

১৯৬৬ চনত নাছাৰ পৰা জেমিনি ৮ অভিযানত নীল আৰ্মষ্ট্ৰঙে পৃথিৱীৰ পৰা ২৪০,০০০ মাইল দুৰত্বৰ চন্দ্ৰলৈ বুলি উৰা মাৰিছিল আৰু সফলতাৰে চন্দ্ৰ পৃষ্ঠত নিজৰ খোজ এৰি উভতি আহিছিল। চন্দ্ৰত ভৰি দিয়ে আৰ্মষ্ট্ৰঙে কোৱা প্ৰথম কথাষাৰ আছিল, “এইটো মানুহৰ বাবে এটা সৰু পদক্ষেপ কিন্তু মানৱজাতিৰ বাবে এটা ডাঙৰ জাপ”।

১৯৭১ চনত নীল আৰ্মষ্ট্ৰঙে নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও এৰোস্পেচ সম্প্ৰদায়ত সক্ৰিয় ৰূপে কাম কৰি যায়।

২০১২ চনৰ ২৫ আগষ্টত আৰ্মষ্ট্ৰঙে মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।

আৰ্মষ্ট্ৰঙে নিজৰ মহাকাশ অভিজানৰ বৃহৎ সফলতাৰ বাবে নিজতকৈ বেছি দলটোকহে কৃতজ্ঞতা জ্ঞাপন কৰিবলে পচন্দ কৰিছিল।

২০০৫ চনত চিবিএছৰ এক সাক্ষাৎকাৰত আৰ্মষ্ট্ৰঙে কয়, “মই ধাৰণা কৰোঁ যে আমি সকলোৱে আতচবাজীৰ এটা টুকুৰাৰ বাবে নহয়, আমাৰ দৈনন্দিন কামৰ খতিয়ানৰ বাবেহে চিনাক্ত হ’ব লাগে।”

আন এটা সাক্ষাৎকাৰত, হাজাৰ হাজাৰ বছৰ ধৰি চন্দ্ৰপৃষ্ঠত তেওঁৰ পদচিহ্নবোৰ থাকিব বাবে তেওঁ কেনে অনুভৱ কৰে বুলি সোধাত আৰ্মষ্ট্ৰঙে কয় যে, “অতি সোমকালেই কোনোবাই তালৈ গৈ সেইবোৰ পৰিষ্কাৰ কৰিব বুলি মই আশা কৰোঁ,”

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.