অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মহানগৰীত অব্যাহত আছে অপৰাধীৰ টিঘিল ঘিলনি… পাথৰকুঁৱাৰীত ই-ৰিক্সাৰে নিৰ্মিয়মান অট্টালিকাৰ পৰা লোহা চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন গভাইত চোৰ

মহানগৰীত অব্যাহত আছে অপৰাধীৰ টিঘিল ঘিলনি।

এইবাৰ মহানগৰীৰ পাথৰকুঁৱাৰীত ই-ৰিক্সাৰে নিৰ্মিয়মান অট্টালিকাৰ পৰা লোহা চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন গভাইত চোৰ।

ধৃত চোৰটোৰ নাম মুলুক শ্বাহ।

পুৱাতে নিৰ্মীয়মাণ অট্টালিকাটোৰ পৰা লোহা চোৰ কৰি আনি এজন যুৱকে ই-ৰিক্সাত উঠাই আছিল।

স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি চোৰটোক হাতে লোটে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইপিনে চান্দমাৰীত এজন মেজিক চালকৰ হাতৰ পৰা মোবাইল কাঢ়ি নি আৰক্ষীৰ জালত পৰিল আন এজন যুৱক।

স্থানীয় ৰাইজে কৰায়ত্ত কৰি চানমাৰি আৰক্ষীক গতাই দিয়ে চোৰটোক।

ধৃত চোৰটো হৈছে পংকজ বৈশ্য।

ধৃত পংকজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২টা চুৰি মোবাইল।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.