Assamassam police

ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা, ঘটনাস্থলীতে মৃত্যু এজনৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ জনকৈ লোক

ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা
তিনিচুকীয়াৰ লেখাপানীত ট্ৰেইলাৰ-মেজিকৰ মুখামুখী সংঘৰ্ষ
ঘটনাস্থলীতে এজনৰ মৃত্যু
নিহত লোকজনক ৰাম ৰজত বুলি চিনাক্ত
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ জনকৈ লোক
মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি আহতক
মাৰ্ঘেৰিটা দিশৰ পৰা যোৱা এখন যাত্ৰীবাহী বাহনত জাগুন দিশে গৈ থকা অৱস্থাত জাগুন দিশৰ পৰা আহি থকা এখন ট্ৰেলাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত তিনিজনকৈ লোক আঘাতপ্ৰাপ্ত হয়। ততাতয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও তাৰে এজন লোকে মৃত্যুক আকোৱালি লয়। অন্যহাতে অন্য দুজনৰ অৱস্থা অতি সংকট জনক বুলি জানিব পৰা গৈছে। লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু মাটখাটৰ নিবাসী কেডাৰ ৰজতৰ পুত্ৰ ৰাম ৰজতৰ মৃত্যু হয়। অন্যহাতে মাৰ্ঘেৰিটা পল ফিল্ডৰ দিপাংকৰ গোপ আৰু ডুমডুমা বৰহাপজান জানৰ বন্ধন বৰুৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্থ দুয়োখন গাড়ীকে আৰক্ষীয়ে জব্দ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.