অসমআঞ্চলিকসংস্কৃতি

নাচনীৰ মুখত হাঁহিৰ বিপৰীতে দেখা গ’ল চকুত চকুপানী। কিন্তু কিয়?

ধেমাজিত এইসকল নাচনীয়ে কিয় টুকিলে চকুপানী।

বসন্তৰ আগমন! ব’হাগলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ মাজতে এতিয়া GUINESE OF WORLD RECORDৰ বাবে জিলাই জিলাই প্ৰশিক্ষণ চলিছে নাচনী- ঢুলীয়াৰ। পিছে উল্লেখনীয় কথাটো হ’ল যে ৱল্ড ৰেৰ্কডৰ বাবে চলা প্ৰশিক্ষণত ঢোল, পেঁপা,গগণাৰ মাতৰ লগতে বাদ- বিবাদ আৰু বিতৰ্কই লগ নেৰা হৈছে ধেমাজিৰ প্ৰশিক্ষণস্থলী। ধেমাজিত নাচনীৰ মুখত হাঁহিৰ বিপৰীতে নাচনীৰ চকুত দেখা গৈছে চকুপানী। কি হৈছে প্ৰকৃতে ধেমাজীৰ প্ৰশিক্ষণস্থলীত।

এতিয়া আহোঁ আচল কথালৈ। ধেমাজীত একাংশ নাচনীৰ অভিযোগ অনুসৰি GUINESE OF WORLD RECORDৰ বাবে নিৰ্বাচিত হোৱা নাচনীৰ পৰিৱৰ্তে নিৰ্বাচিত নোহোৱা নাচনীয়ে দপদপাই আছে ধেমাজিৰ নগাখেলিয়াৰ চিলাৰায় ভৱনত হোৱা নাচনীৰ প্ৰশিক্ষণস্থলী ৷ নিৰ্বাচিত হোৱাৰ পিছত প্ৰয়োজনীয় কাগজ পত্ৰ জমা লোৱা পিছতো প্ৰশিক্ষণৰ পৰা বঞ্চিত এইসকল নাচনী। ১৪ এপ্ৰিলত ‘গ্ৰীনিজ বুক ৱল্ড ৰেকৰ্ড’ৰ বাবে গুৱাহাটীত হ’ব লগা বিহু নাচত অংশ লোৱাৰ পৰা বঞ্চিত এইসকল নাচনীয়ে কান্দি উঠিল কেমেৰাৰ সন্মুখতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.