leatest updateঅৰ্থনৈতিকঅসমআন্তঃৰাষ্ট্ৰীয়বিশ্বভাৰত

SBI-HDFC-ICICI-BoB গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ, যদি আপুনি UPI ব্যৱহাৰ কৰে তেন্তে এই তথ্য জানি লওক

যদি আপুনিও ইউপিআই পেমেণ্ট ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে।

যদি আপুনিও ইউপিআই পেমেণ্ট ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে। আজিৰ সময়ত ইউপিআইৰ জৰিয়তে ধনৰ লেনদেন কৰাটো অতি সাধাৰণ হৈ পৰিছে। যদি আমি ১০ টকাও ট্রেন্সফাৰ কৰিব লগা হয়, তেন্তে তাৰ বাবে আমি ইউ পি আই ব্যৱহাৰ কৰো, কিন্তু এই সকলোবোৰৰ মাজতে আপুনি জানেনে এদিনত ইউপিআইৰ জৰিয়তে কিমান টকা ট্রেন্সফাৰ কৰিব পাৰিব৷

সকলো বেংকৰ সীমা বেলেগ বেলেগ

উল্লেখযোগ্য যে এই সীমা সকলো বেংকৰ গ্ৰাহকৰ বাবে বেলেগ বেলেগ। এছ বি আই আইচিআইচিআই বেংক আৰু এইচডিএফচিকে ধৰি সকলো বেংক গ্রাহকে বিভিন্ন সীমা লাভ কৰে, যাৰ জৰিয়তে আপুনি ধনৰ লেনদেন কৰিব পাৰে।

. যদি আপুনি এছ বি আইৰ গ্ৰাহক হয় তেন্তে এদিনতে ইউ পি আইৰ জৰিয়তে ১ লাখ টকাৰ লেনদেন কৰিব পাৰিব।

কোনটো বেংকৰ ইউপিআই সীমা কিমান?

HDFC Bank ৰ গ্ৰাহকেও ১ লাখ টকা পর্যন্ত লেনদেন কৰিব পাৰে, কিন্তু নতুন গ্ৰাহকৰ বাবে এই

সীমা মাত্র ৫০০০ টকা।

• আইচিআইচিআই বেংকৰ গ্ৰাহকে ১০ হাজাৰ টকা পর্যন্ত ইউপিআই লেনদেন কৰিব পাৰিব, কিন্তু গুগল পে ব্যৱহাৰকাৰীৰ বাবে এই সীমা ২৫ হাজাৰ টকা।

• বেংক অৱ বৰোদাৰ গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

• ইয়াৰ উপৰিও এক্সিছ বেংকৰ গ্ৰাহকে ১ লাখ টকা পর্যন্ত লেনদেন কৰিব পাৰিব।

উল্লেখযোগ্য যে এতিয়া আৰ বি আইয়ে ইউ পি আই পেমেণ্টৰ সন্দৰ্ভত নতুন পৰিকল্পনা কৰিছে। দেশৰ থার্ড পাৰ্টি এপ প্রভাইডাৰ (টিপিএপি)ৰ ভলিউম কেপ ৩০ শতাংশলৈ সীমিত কৰাৰ প্ৰস্তুতি চলাইছে নেশ্যনেল পেমেণ্ট কৰ্প’ৰেশ্যনে। এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা চলি আছে। আৰ বি আইৰ অনুমোদনৰ পিছতহে ফোন পে, গুগল পে আৰু পেটিএমৰ দৰে কোম্পানীয়ে ইয়াৰ সীমা নিৰ্ধাৰণ কৰিব পাৰিব, যাৰ বাবে গ্ৰাহকে আৰম্ভণিতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যদিও ইয়াৰ ওপৰত কিমান সীমা আৰোপ কৰা হ’ব, তথাপিও এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.