leatest updateঅসমধৰ্মীয়ধাৰ্মিকভাৰত

কাশ্মীৰত মুছলমান দম্পতীয়ে মহাদেৱৰ মূৰত পানী ঢালি বিচাৰিলে আশীৰ্বাদ

"আজিৰ দিনটো হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ বাবে এক পবিত্র দিন" - মুছলমান দম্পতী

দেশ-বিদেশত মহা আনন্দৰে উদযাপন হৈছে শিৱৰাত্ৰি ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা শিৱৰাত্ৰি দেওবাৰে আবেলিলৈকে চলিব৷ শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পুৱাৰে পৰা দেশৰ বিভিন্ন মন্দিৰত শিল আৰাধনাত ব্যস্ত হৈ পৰিছে ৷ হিন্দুসকলে বিশ্বাস কৰে যে আজিৰ দিনটোত শিৱৰ উপাসনা কৰি আৰু শিৱলিঙ্গত পানী, গাখীৰ ঢালিলে ভক্তসকলৰ মনৰ ইচ্ছা পূৰণ হয়।

এহাল মুছলমান দম্পতীয়ে কাশ্মীৰৰ এটা মন্দিৰতহিন্দু ভক্ৰ সৈতে একেলগে শিৱৰ মূৰত পানী ঢালে আৰু ঐশ্বৰিক সহায় পাবলৈ তেওঁক উপাসনা কৰে। এই ঘটনাত বহুলোক আচৰিত হৈ পৰিছে৷ কিন্তু মুছলমান দম্পতীহালে দাবী কৰিছে যে বিষয়টোত আচৰিত হ’বলগীয়া একো নাই। তেওঁলোকে কয় “আজিৰ দিনটো হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ বাবে এক পবিত্র দিন”। স্থানীয় লোকে ঘটনাটোক ধৰ্মীয় সম্প্ৰীতিৰ উদাহৰণ হিচাপে গ্ৰহণ কৰিছে।

কাশ্মীৰৰ উপৰি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, আলিগড়ৰ প্ৰাচীন খেৰেশ্বৰ ধাম, গুজৰাটৰ সোমনাথ মন্দিৰ শিৱৰাত্ৰি উপলক্ষে আলোকসজ্জাৰে আটকধুনীয়া কৰি তোলা হৈছে। মন্দিৰৰ বাহিৰত ভক্তসকলৰ দীঘলীয়া শাৰী। নেপালৰ কাঠমাণ্‌ডুৰ পশুপতিনাথ মন্দিৰতো কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে শনিবাৰ আৰু দেওঁবাৰেও কাশ্মীৰৰ অনন্তনাগ জিলাৰ মাৰ্টেণ্ড সূর্য মন্দিৰত ভিৰ কৰে। ৰাজস্থানৰ এহাল দম্পতী জয়া খান আৰু ফৈজান খানে এই মন্দিৰত শিৱৰ মূৰত পানী ঢালি শিৱক আৰাধনা কৰে।

জয়া খানৰ মন্ত্যৱ “মুছলমান সম্প্ৰদায়ৰ লোকসকলক হিন্দু মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি কোনো নিয়ম নাই। আজি শিৱৰাত্ৰি ঈশ্বৰৰ প্ৰাৰ্থনাৰ দিন। মই শিৱক পানী আগবঢ়াইছো। এনে কার্যই দম্পতিসকলক উন্নত কৰে। মই এয়া মোৰ মাৰ পৰা শিকিছিলো। আমি মুছলমান, কিন্তু আমি এই পৰম্পৰাটো ভালপাওঁ। সেইকাৰণে মই শিৱক পানী আগবঢ়াইছো!”।

জয়াই লগতে কয় যে ভূ-স্বর্গ কাশ্মীৰলৈ অহাৰ আগতে তেওঁ ভাবিছিল যে কাশ্মীৰত ধৰ্মীয় অস্থিৰতা আছে। তেওঁ কয় “কিন্তু ইয়াত বিশেষ একো হোৱা নাই। কোনো ধর্মীয় বৈষম্য নাই। নিজে নাহিলে আপুনি সেয়া বুজিব নোৱাৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.