ক্ৰিকেটখেল

আৰম্ভ হ’ল IPLৰ মিনি অক্সন। সৰ্বাধিক কিমান টকাত ক্ৰয় কৰিলে খেলুৱৈক

IPLৰ মিনি অক্সন

আজি আৰম্ভ হ’ল IPLৰ মিনি অক্সন। এই অক্সনত সৰ্বাধিক ১৮.৫০ কোটিত ইংলেণ্ডৰ ছাম কৰণক ক্ৰয় কৰিলে পঞ্জাৱ কিংছে। কেমৰন গ্ৰীণক ১৭.৫০ কোটিত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। বেন ষ্টোকছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰিলে ছেন্নাই ছুপাৰ কিংছে। নিকলাছ পুৰাণক ১৬ কোটি টকাত ক্ৰয় কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। ইংলেণ্ডৰ হেৰী ব্ৰুকক ১৩.২৫ কোটিত ক্ৰয় কৰিলে চানৰাইজাৰ্ছ হায়দৰাবাদে। মায়ংক আগৰৱালাকো ৮.২৫ কোটি টকাত ক্ৰয় কৰিলে ছান ৰাইজাৰ হাইদৰাবাদে। কেন উইলিয়ামছক ২ কোটিত ক্ৰয় কৰিলে গুজৰাট টাইটানছে। আজিংক্য ৰাহানেক ৫০ লাখত ক্ৰয় কৰিলে চেন্নাই ছুপাৰ কিংছে। জিম্বাবুৱেৰ ছিকন্দৰ ৰাজাক ৫০ লাখত ক্ৰয় কৰিলে পঞ্জাৱ কিংছে। অষ্ট্ৰেলিয়াৰ ঝিয়ে ৰিচাৰ্ডছনক ১.৫ কোটিত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। ৰীচি টপলেক ১.৯ কোটিত ক্ৰয় কৰিলে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ফিল ছল্টক ২ কোটি টকাত ক্ৰয় কৰিলে দিল্লী কেপিটেলছে। জেছন হোল্ডাৰক ৫.৭৫ কোটিত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছে। হেনৰিক ক্লাছেনক ৫.২৫ কোটিত ক্ৰয় কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.