Social Networkপ্ৰযুক্তিবিজ্ঞানভাৰত

দেশত সূচনা হ’ল এক নতুন যুগৰ। আজিৰে পৰা আপুনিও ল’ব পাৰিব 5G সেৱাৰ সুবিধা!

নতুন দিল্লীৰ প্ৰগতি ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে 5G সেৱাৰ

আজিৰে পৰা দেশত সূচনা হ’ল এক‌ ডিজিটেল যুগৰ। অৰ্থাৎ আজিৰে পৰা দেশত আৰম্ভ হ’ল 5G সেৱা। JIO, Airtel, vodaphone, Ideaয়ে আগবঢ়াব এই 5G সেৱা। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰে এই সেৱাৰ। মুকলিৰ সময়ত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হয় এক‌ বৰ্ণাঢ্য কাৰ্য্যসূচীৰ। জিঅ‌ পেভেলিয়ানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

 

5G সেৱা মুকলিৰ পূৰ্বে 5G সেৱা প্ৰদৰ্শনীতো অংশ গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে আজিৰ অনুষ্ঠানটো প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানী। আম্বানীয়ে প্ৰধানমন্ত্ৰীগৰাকীক বুজালে 5G সেৱাৰ বিষয়ে। 5G চশমা পিন্ধি মোদীয়ে ল’লে ভিডিঅ’ৰ আমেজ।

 

প্ৰথমেই দেশৰ মেট্ৰ’ চিটিসমূহত উপলব্ধ হ’ব এই‌ সেৱা। ২০২৩ৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতেই সম্প্ৰসাৰণ হ’ব এই সেৱা। কৃষিৰ সমান্তৰালকৈ স্বাস্থ্যখণ্ডতো বিপ্লৱ আনিব এই 5G সেৱাই। 5G ইন্টাৰনেটৰ স্পীড হ’ব‌ ১০,০০০ mbps। এই 5G প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি হৈছে উচ্চ ডাটা হাৰ আৰু নিৰ্ভৰযোগ্য যোগাযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.