অসমআঞ্চলিক

“CAA” বিৰোধী আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন গায়িকা দীপলিনাৰ

My cleaners নামৰ এখন লণ্ডি উদ্বোধন অনুষ্ঠানত এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে

নাগৰিকত্ব সংশোধনী আইন চমুকৈ “CAA” বিৰোধী আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আছে গায়িকা দীপলিনাৰ। কিন্তু কোনে পুনৰ আন্দোলন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে সেই বিষয়ে ভালদৰে অৱগত নহয় দীপলিনা।

শিৱসাগৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি উদ্দীপ জ্যোতি গগৈৰ নেতৃত্বত এদল যুৱকে মুকলি কৰা My cleaners নামৰ এখন লণ্ডি উদ্বোধন অনুষ্ঠানত এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

মাতৃভাষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো মতামত আগবঢ়ায় দীপলিনাই। তদুপৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া বা কৰ্মীয়ে আত্মসংস্থাপনৰ বাবে কেতবোৰ কাম হাতত লোৱা কাৰ্যৰো শলাগ ‌লয় তেওঁ। একেটা অনুষ্ঠানতে উপস্থিত থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কা ” বিৰুদ্ধে ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.