অসমভাৰত

কোটি টকীয়া পানী যোগান আঁচনি ধোঁৱা চাঙত

ভেৰগাঁও টাউন পাইপ পানী যোগান আঁচনি ধোঁৱা চাঙত।  অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ বিটিআৰৰ মুখ্য কাৰ্যবাহীক আহবান ওদালগুৰি জিলাৰ।

ভেৰগাঁও মহকুমা সদৰস্থিত ভেৰগাঁও টাউন পাইপ পানী যোগান আঁচনিখন বগা হাতীত পৰিণত হোৱা কার্যই বৃহত্তৰ ভেৰগাঁও মহকুমা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ দিনত ২০০৭ চনতে স্থাপন কৰি ২০০৯ চনত শুভ উদ্বোধন কৰে যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা ভেৰগাঁও টাউন পাইপ যোগান আচঁনিখনে খীৰতি গাইলৈ ৰূপান্তৰ হোৱা বুলি দল -সংগঠনে অভিযোগ কৰিছে। কোটি টকীয়া আচঁনিখনে আজিও বৃহত্তৰ ভেৰগাঁওবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাত তীব্র ক্ষোভৰ সৃষ্টি হৈছে।

বছৰে বছৰে কোটি টকীয়া নতুন আঁচনি আহি এচাম ঠিকাদাৰ, দালাল ধনী কৰি গৈ থাকে। এনে কার্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি কয় স্থানীয় দল-সংগঠনে।

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি আৰু অসম চৰকাৰৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে ভেৰগাঁও টাউন পাইপ পানী যোগান আঁচনিখন ৰূপায়ণ কৰি ভেৰগাঁও বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ বিনম্র অনুৰোধ জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.