অসমবন্যপ্ৰাণী

কাজিৰঙাৰে যাওঁতে সাৱধান হওঁক, অন্যথা আপুনি ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা

ইতিমধ্যে উদ্যানখনৰ কিছু সংখ্যক বন্যপ্ৰাণীৰ আৰম্ভ হৈছে কাৰ্বি পাহাৰ যাত্ৰা ৷ এই যাত্ৰাত যাতে কোনো কাৰণতে বন্যপ্ৰাণী যানবাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু মুখত নপৰে তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ অতিকৈ স্পৰ্শকাতৰ পানবাৰী আৰু হালধিবাৰী এনিমেল কৰিডৰত স্থাপন কৰিছে বেৰিকেডৰ লগতে এনিমেল চেনচৰ কেমেৰা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ঘাইপথেৰে চাৰিচকীয়া বাহনেৰে অহা-যোৱা কৰোতে আপুনি সাৱধান হওঁক৷ কিয়নো নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লগীয়া হ’ব পাৰে পাঁচ হাজাৰ টকাৰ জৰিমনা৷ কিয়নো কাজিৰঙাত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

 

বান পৰিস্থিতিক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ ৩৭ নং ৰাজপথত বেৰিকেড স্থাপন কৰাৰ লগতে আজিৰে পৰা কাৰ্যকৰী কৰিছে এনিমেল চেনচৰ কেমেৰা৷ এই এনিমেল চেনচৰ কেমেৰাই আপোনাৰ গাড়ীৰ গতিবেগ নিৰীক্ষণ কৰিব৷ বানপানীৰ সময়ত বন্যজন্তুৱে যাতে ৰাজপথেৰে আহ-যাহ কৰাত কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰবাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্যান কৰ্তৃপক্ষৰ বেৰিকেড স্থাপনৰ লগতে সক্ৰিয় কৰিছে এনিমেল চেনচৰ কেমেৰা।

 

ইতিমধ্যে উদ্যানখনৰ কিছু সংখ্যক বন্যপ্ৰাণীৰ আৰম্ভ হৈছে কাৰ্বি পাহাৰ যাত্ৰা ৷ এই যাত্ৰাত যাতে কোনো কাৰণতে বন্যপ্ৰাণী যানবাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু মুখত নপৰে তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ অতিকৈ স্পৰ্শকাতৰ পানবাৰী আৰু হালধিবাৰী এনিমেল কৰিডৰত স্থাপন কৰিছে বেৰিকেডৰ লগতে এনিমেল চেনচৰ কেমেৰা ৷ ঘণ্টাত ৪০ কিলোমিটাৰ অধিক বেগেৰে যোৱা যানবাহন চেনচৰ কেমেৰাত ধৰা পৰিলে ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা৷

 

ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত জাৰি কৰা ১৪৪ ধাৰাৰ নিষেধাজ্ঞা অনুসৰি কোনো বাহনে প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ গতিসীমা অতিক্ৰম কৰিব নোৱাৰিব । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ঢাবাসমূহত কোনো ধৰণৰ গধুৰ যানবাহন ৰখাব নোৱাৰিব ৷ বন্য জন্তু, চৰাই, সৰীসৃপ আদিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱাৰ সময়ত কোনো ব্যক্তিয়ে ক্ষতি বা আঘাত কৰিব নোৱাৰিব ।ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালে কোনো মাৰাত্মক অস্ত্ৰ কঢ়িয়াই ফুৰিব নোৱাৰিব ।

 

অৱশ্যে, এম্বুলেঞ্চ, বন, অগ্নি নিৰ্বাপকবাহিনী আৰু কৰ্তব্যৰত নিৰাপত্তা বাহিনীক এই আদেশৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। এই আদেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননী দিয়া হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.