অপৰাধঅসমভাৰত

শিৱসাগত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা।

বৰছিলা নামতি বঙালী বস্তিত গণেশ ৰাজপুটৰ বাসগৃহৰ পৰা উদ্ধাৰ ১ কেজি ১৯৯ গ্ৰাম গাঞ্জা। আৰক্ষীৰ অভিযানৰ পূৰ্বে গাঞ্জা ব্যৱসায়ী গণেশ ৰাজপুটে পলায়ণ কৰে।

অভিযানত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱমঞ্চৰ সদস্যই হালোৱাটিং আৰক্ষীক সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে, দীৰ্ঘদিনৰপৰা নামতি বঙালী বস্তিৰ গণেশ ৰাজপুটৰ বাসগৃহত গাঞ্জাৰ খেতি কৰি অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। অবৈধ ব্যৱসায় চলাই অহা গণেশ ৰাজপুটে দীৰ্ঘদিন ধৰি অঞ্চলটোত সামাজিক বাতাবৰণ বিনষ্ট কৰা লগতে যুৱ প্ৰজন্মক ধ্বংস কৰি আহিছিল।

হালোৱাটিং আৰক্ষীয়ে অভিযুক্ত গণেশ ৰাজপুটক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.