অসমৰাজনৈতিক

আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমুহ…

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমুহৰ বিষয়ে সংবাদমেল সম্বোধন কৰি সবিশেষ জনায়।

◼️ST SC OBC প্ৰমাণ পত্ৰ লোৱাৰ বাবে দূৰ হ’ব সমস্যা। ৰাজ্যৰ চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পিতৃ মাতৃৰ প্ৰমাণ পত্ৰ থাকিলে সন্তানে লাভ কৰিব প্ৰমাণ পত্ৰ। আনকি নৱম, দশম শ্ৰেণীত বিদ্যালয়ত গৈ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব।

◼️পৌৰ নিগম অঞ্চলৰ অধীনত নিজৰ ৪৩২০ বৰ্গ ফুট ভূমিৰ তলত থাকিলেহে লাভ কৰিব EWS প্ৰমাণ পত্ৰ। অন্যথা নাপাব EWS প্ৰমাণ পত্ৰ।

◼️MPW সকলৰ বাবে ভাল খবৰ। MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।

◼️বাগিছা অঞ্চলত আৰম্ভ হ’ব হাইস্কুল শিক্ষা। অহা ব’হাগ বিহুৰ পিছৰ পৰা ৭৫৫ গৰাকী শিক্ষকক নিয়োগ হব বাগিছা অঞ্চলত আৰু আৰম্ভ হ’ব পাঠ্যক্ৰম।

◼️নাৱাৰ্ডৰ ঋণেৰে ১৫ খন আঁচনি আৰু চাৰিখন গাওঁ অঞ্চলত দলং নিৰ্মাণ।

◼️শৰণীয়া সকলৰ দিৰ্ঘদিনীয়া সমস্যা দূৰ হ’ব। শৰণীয়া সকলে এতিয়াৰ পৰা শৰণীয়া কছাৰী, শৰণীয়া সোণোৱাল ৰূপে প্ৰমাণ পত্ৰ লাভ কৰিব।

◼️ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি নাৱাৰ্ডৰ ১৭০ কোটি ১৫ লাখ টকীয়া ঋণ গ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.