অসমছিংগাপুৰপৰিৱেশপৰ্যটনবিশ্বভাৰতভ্ৰমণশিল্পীসংগীতসংস্কৃতি

ছিংগাপুৰৰ লাজাৰাছ দ্বীপতেই মৃত্যু হৈছিল জুবিন গাৰ্গৰ

অতীতৰ পৰা ৰহস্যৰে ভৰি আছে এই দ্বীপ

প্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ যোৱা “লাজাৰাছ” দ্বীপৰ ইতিহাস আৰু লোকবিশ্বাস আছে।

“লাজাৰাছ” বাইবেলৰ এক চৰিত্র, যাক মৃত্যুৰ পৰা জীয়াই তোলা হৈছিল। অৰ্থাৎ লোকবিশ্বাস মতে “লাজাৰাছ” মানে হৈছে জীৱনৰ পুনৰুদ্ধাৰ… মৃত্যুৰ পৰা জীৱন পুনৰ দানৰ প্ৰতীক।

ছিংগাপুৰৰ দক্ষিণ উপকূলৰ ওচৰত এই বিখ্যাত/কুখ্যাত লাজাৰাছ দ্বীপ।
দক্ষিণৰ দ্বীপসমূহৰ সৰু, সোণালী বালিৰ, নাৰিকলৰ গছৰে আবৃত মৰুভূমি সমৃদ্ধ এটা দ্বীপ। …
কিন্তু ইয়াৰ সৌন্দৰ্য্যৰ আঁৰত এক অন্ধকাৰময় ইতিহাস আছে। …

১৯শ শতিকাত কলেৰা মহামাৰীৰ ধ্বংসলীলাত এই দ্বীপক এক বৃহৎ কোৱাৰান্টিন জ’নলৈ পৰিবৰ্তন কৰা হৈছিল।
অসুস্থ মানুহসকলক ইয়াত কোৱাৰান্টিন কৰা হৈছিল আৰু মেইনলেণ্ডৰ পৰা সকলো যোগাযোগ বিচ্ছিন্ন কৰা হৈছিল।
তেওঁলোকৰ বহুতে কেতিয়াও সেই ঠাইৰ পৰা উভতি আহিব নোৱাৰিলে। তেওঁলোকৰ কাহিনী সেই মাটিতেই শেষ হৈছিল, অৰ্থাৎ তাতেই মৃত্যু হৈছিল…।

কেৱল সেয়াই নহয়, দ্বীপটো চিংগাপুৰৰ কাৰাগাৰৰ ইতিহাসৰ সৈতেও জড়িত।
কনভিক্টেড শেডসমূহো ইয়াত আছিল। যিয়ে বুজায় যে, এই ঠাইখন মাথোঁ বেমাৰৰ বাবেই নহয়, এটা সময়ত শাস্তি আৰু নিৰ্বাসনৰ বাবেও ব্যৱহাৰ কৰিছিল। লগতে ১৯০২ চনত তাৰে মৰিশালীত এক ভয়াবহ জুই লাগি সম্পূৰ্ণ মৰিশালীৰ লগতে তাৰে গছ-গছনী সমূহো ধ্বংস হৈছিল। ১৯১৪ চনত পুনৰ একেধৰণে মৰিশালীত ভয়ংকৰ জুই লাগিছিল।

১৯৫৫ চন, ইংৰাজৰ পৰা স্বাধীনতাৰ পিছত কানীৰ নিচাত পৰা ব্যক্তি বোৰক addictionৰ পৰা পৰিত্ৰাণ পাবলৈ নিচাসক্ত লোক সকলকো তাতে এৰি থৈ অহা হৈছিল। সেই সময়ৰ পৰা খুউব কম সংখ্যক লোকহে তাত বসবাস কৰি আহিছিল, কিন্তু অবশেষত স্থায়ী বাসিন্দা সকলে ২০১৬ চনত সেই দ্বীপতো ত্যাগ কৰিছিল, আৰু ক্ৰমাত লাজাৰাছ পৰিণত হৈছিল এক নিৰ্জন, অইচ’লেটেড, জনবসতিশূন্য ঠাইলৈ।

এই নিৰ্জনতাই ইয়াৰ কল্পনা আৰু কাহিনীবোৰক জন্ম দিয়ে।
স্থানীয় লোকসকলে কয়, “গছবোৰৰ মাজত ছায়াময় আকাৰ দেখা যায়। নিশা হ’লে বতাহত কোমল ফিৰফিৰণি শুনা যায়। আকস্মিক ঠাণ্ডা অনুভৱ হয়।” স্থানীয় খবৰ কাগজৰ আৰ্টিকলবোৰেও লাজাৰাছক চিংগাপুৰৰ সৰ্বাধিক #Haunted ভূতীয়া স্থানসমূহৰ ভিতৰত অন‍্যতম বুলি অভিহিত কৰি আহিছে।

দিনৰ পোহৰত দ্বীপতো স্বৰ্গৰ দৰে সৌন্দৰ্য্যময় হৈ পৰে। কিন্তু সূৰ্য্য অস্ত হলেই তাত কোনো মানুহ পোৱা নাযায়, কাৰণ মানুহে তাত মৃত্যুৰ কিৰিলি শুনে বুলি ভয় কৰে।
কিছু স্থানীয় লোকৰ প্ৰবাদ মতে লাজাৰাছ হৈছে সৌন্দৰ্য্যৰ আঁৰত দুখ লুকাই থকা একাংশ আত্মাৰ বসতিস্থল। তেওঁলোকে মৃতসকলৰ আত্মাৰ বিচৰণ স্থলী হিচাপে সেই দ্বীপতো গণ্য কৰে। তাত স্থানীয় লোক সকলে ফুৰিবলৈ বুলি সাধাৰণতে নাযায়। তাৰ পানীতো নামিবলৈ হেনো ভয় কৰে। কোনোবা বাহিৰৰ পৰ্যটক গ’লে টুৰিষ্ট গাইড বোৰ বা য়ট সমূহৰ কেপ্তেইন তথা সহায়কাৰীবোৰ লগত যায় আৰু লগতে আহে।

এয়াই হৈছে লাজাৰাছ দ্বীপ।
দিনত স্বৰ্গ, নিশা ভূতীয়া।
এতিয়া মনত এটাই প্ৰশ্ন উত্থাপন হৈছে, এনেকুৱা এটা দ্বীপত জুবিন গাৰ্গক কিয় লৈ গৈছিল?  তাৰে স্থানীয় অসমীয়া লোক কেইজনে এইখিনি কথা জনা নাছিল নেকি? তেওঁলোকে অলপো একো তথ্য নোলোৱাকৈ এটা নিৰ্জন দ্বীপত ইমান অসাবধান হৈ ইমান মূল্যবান শিল্পী গৰাকীক কিয় লৈছিল?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − eight =

Back to top button