জীৱনশৈলীমনোৰঞ্জন

ৰাতিপুৱা উঠি কেতিয়াও নাচাব এইকেইটা বস্তু! অথলে যাব দিনটো…

আপুনি জানেনে বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পাছত কেইবিধমান বস্তু কেতিয়াও চাব নালাগে

ৰাতিপুৱা সোনকালে সাৰ পোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। কিন্তু আপুনি জানেনে বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পাছত কেইবিধমান বস্তু কেতিয়াও চাব নালাগে।

বাস্তু শাস্ত্ৰ অনুসৰি ৰাতিপুৱা শুই উঠিয়েই কেতিয়াও আইনা চাব নালাগে। তাৰ ফলত দিনটো নষ্ট কৰিব বুলি বিশ্বাস কৰা হয়।

শুৱাৰ পৰা উঠি ভঙা মূৰ্তি বা খণ্ডিত মূৰ্তি চালেও দিনটোৰ বাবে ভাল নহয় বুলি ধৰা হয়। অৱশ্যে ভঙা মূৰ্তি ঘৰৰ ভিতৰত ৰখাটোৱে অশুভ বুলি ধৰা হয়। সেইবাবে ঘৰত ভঙা মূৰ্তি থাকিলে আঁতৰাই পেলাওক বা নজৰৰ পৰা দুৰত ৰাখক।

যদি ঘৰত লিক কৰা টেপ থাকে তেন্তে সেইয়া সোনকালেথিক কৰি লওক। কাৰণ লিক কৰা টেপ ৰাতিপুৱা উছিয়ে দেখিলে দিনটোলে বেয়া বুলি ধৰা হয়।

বাস্তু মতে, ৰাতিপুৱা সাৰ পোৱাৰ পিছত মানুহে বাহী বাচন অৰ্থাত নোধোৱাকৈ ৰখা বাচন চোৱাটো উচিত নহয়। ইয়াক যথেষ্ট অশুভ বুলি গণ্য কৰা হয়। লগতে পাৰিবাৰিক বিবাদ বৃদ্ধি হয় বুলিও ধৰা হয়।

আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বন্ধ হোৱা ঘড়ী দেখা পায় নেকি? বাস্তুৰ মতে, আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বন্ধ হোৱা ঘড়ী দেখা উচিত নহয়। ফলত ঘৰটোত আৰ্থিক সীমাবদ্ধতা আহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.