Educationঅসমভাৰত

‘আপুনি দেশক নাম্বাৰ ১ গঢ়াৰ চিন্তা বাদ দিয়ক, সেয়া মোদীজীয়ে কৰি আছে’ : ড° হিমন্ত বিশ্ব শৰ্মা

অৰবিন্দ কেজৰিৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত টুইটাৰত চলিছে তৰ্ক প্ৰতিযোগিতা

অৰবিন্দ কেজৰিৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত টুইটাৰত চলিছে তৰ্ক প্ৰতিযোগিতা। শিক্ষা ব্যৱস্থাক লৈ দিল্লী আৰু অসম দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত টুইটাৰত চলিছে তৰ্ক-বিতৰ্ক।

 

মেট্ৰিকত শূন্য ফলাফল আৰু বিদ্যালয়ত শিক্ষাৰ্থী নথকা ইত্যাদি অজুহাত দেখুৱাই অসমত বিদ্যালয় বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্তক টুইটযোগে বিৰোধিতা কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

 

হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰত্যুত্তৰ হিচাপে কয় যে, ‘প্ৰতিবাৰৰ দৰে মন্তব্য কৰাৰ পূৰ্বে তেখেতে হোমৱৰ্ক নকৰিলে। মই শিক্ষামন্ত্ৰী হোৱাৰ দিনৰ পৰা অসম চৰকাৰে ৮,৬১০ খনৰো অধিক বিদ্যালয় স্থাপন কৰিছে।’ বিগত ৭ বছৰত দিল্লী চৰকাৰে কিমান খন নতুন বিদ্যালয় স্থাপন কৰিছে বুলিও প্ৰশ্ন কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

 

শুকুৰবাৰে অৰবিন্দ কেজৰিৱালে ড° শৰ্মাক উদ্দেশ্যি কয় যে, তেওঁৰ উদ্দেশ্য অসম চৰকাৰৰ ত্ৰুটিবোৰ আঙুলিয়াই দিয়া নাছিল। আমি ইজনে সিজনৰ পৰা শিকিব লাগিব। তেতিয়াহে ভাৰত বিশ্বৰ এক নম্বৰ দেশ হ’ব। লগতে তেখেতে আৰু কয় যে, ‘মই অসমলৈ যাম। আপুনি মোক শিক্ষাৰ ক্ষেত্ৰত কৰা ভাল কামবোৰ দেখুৱাব। যেতিয়া আপুনি দিল্লীলৈ আহিব, মই আপোনাক দিল্লী চৰকাৰে কৰা কামবোৰ দেখুৱাম।’

 

দিল্লীৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰা বুলি জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘আপুনি দেশক নাম্বাৰ ১ গঢ়াৰ চিন্তা বাদ দিয়ক, সেয়া মোদীজীয়ে কৰি আছে। লগতে ড° শৰ্মাই কয় যে, ‘দিল্লীলৈ মই গৈয়ে থাকো এদিন মহল্লা ক্লিনিক স্কুল চামগৈ। কেজৰিৱাল আহিব বিচাৰিলে টিকট এটা কাটি বিমানত উঠিলেই হ’ল। অসমক দিল্লীৰ দৰে সৰু ৰাজ্যৰ লগত তুলনা অলাগতিয়াল কথা। দিল্লী এখন পৌৰসভাহে, আমাৰ দৰে চৰ, কাৰ্বি আংলং,উত্তৰ কাছাৰ নাই তাত। দিল্লীত ১২০০ খন স্কুল থকাৰ পৰিৱৰ্তে অসমত আছে ৬০-৭০ হাজাৰ স্কুল।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.