দিল্লীভাৰত

হোৱাটচআপে ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ

হোৱাটচআপে ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰজু কৰিলে গোচৰ৷ ভাৰত চৰকাৰে বলবৎ কৰিবলগীয়া নতুন IT নিয়মক বাধা দিবৰ বাবে whatsaap-এ দিল্লী উচ্চ ন্যায়ালয়ত ৰজু কৰিছে গোচৰ৷

আদালতত দিয়া গোচৰত উল্লেখ কৰে যে, কেন্দ্ৰৰ নতুন নিয়ম মানি ল’লে whatsaap ব্যৱহাৰকাৰীৰ ব্যক্তিগত গোপনীয়তা ভংগ হোৱাৰ লগতে সুৰক্ষিত নহ’ব একাউণ্ট৷  আনহাতে হোৱাটচআপে গোচৰ তৰাৰ সন্দৰ্ভত নিজৰ স্হিতি সদৰি কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে৷

বিভাগীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে উল্লেখ কৰে যে, নতুন ডিজিটেল নিয়ম হোৱাটচআপ ব্যৱহাৰত নেপেলাই কোনো প্ৰভাৱ৷ একেদৰে চ’ছিয়েল মেডিয়াৰ গাইড লাইনক লৈ হোৱাটচআপে নিয়ম ভংগ কৰাৰ যি আশংকা কৰিছে সেইয়া অমুলক৷ চৰকাৰৰ নিয়ম ভংগ কৰাৰ কোনো অভিপ্ৰায় নাই বুলি স্পষ্ট কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে, ভাৰতত হোৱাটচআপ ব্যৱহাৰকাৰীৰ সংখ্যা ৫৩ কোটি৷ এনে প্ৰেক্ষাপটত হোৱাটচআপে ভাৰত চৰকাৰৰ বিৰুদ্ধে তৰা গোচৰ সম্পৰ্কত দিল্লী উচ্চ ন্যায়ালয়ে কি পদক্ষেপ লয়  সেইয়া হ’ব লক্ষণীয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button