আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিৰাজনৈতিক

তৃতীয় বিশ্বযুদ্ধৰ সুচনা কৰিছে নেকি ৰাছিয়াই? পুটিনৰ ভয়ংকৰ মন্তব্যৰ পাছত আশংকাত বিশ্ববাসী…

যুদ্ধৰ পৰা অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে সচকিত কৰি তুলিছে বিশ্বৰ বহু দেশক। তাৰ ভিতৰত আটাইতকৈ ভয়ংকৰ খবৰেই হৈছে শেহতীয়াকৈ পুটিনে কৰা মন্তব্য

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আজি চতুৰ্থ দিন, কিন্তু যুদ্ধ দিনে দিনে অধিক ভয়ংকৰ হৈ পৰিছে। যুদ্ধৰ পৰা অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে সচকিত কৰি তুলিছে বিশ্বৰ বহু দেশক। তাৰ ভিতৰত আটাইতকৈ ভয়ংকৰ খবৰেই হৈছে শেহতীয়াকৈ পুটিনে কৰা মন্তব্য। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে নাটো (NATO)ৰ ভাবুকিৰ পিছতে ৰাছিয়াৰ পৰমাণু ফ’ৰ্চক সক্ৰিয় কৰিছে। ৰাছিয়াৰ পৰমাণু শক্তিক প্ৰয়োজনত শত্ৰুপক্ষক পৰমাণু বোমাৰে আক্ৰমণ কৰিবলৈ আৰু নিজ দেশক পৰমাণু শক্তিৰে সুৰক্ষা দিবলৈ সক্ৰিয় কৰি তোলা হৈছে বুলি পুটিনে মন্তব্য কৰাৰ পিছতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালকৈ দেওবাৰে নিশাৰে পৰা সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্ন মাধ্যমত ভাইৰেল হোৱা এটি বিশেষ দৃশ্যই। ৰাছিয়াৰ ৰাজধানী মস্কোৰ ৰাজপথত বেলেষ্টিক মিচাইল কঢ়িয়াই নিয়া দৃশ্যই এই যুদ্ধই আন আন দেশকো সামৰি ল’ব নেকি তাৰে আশংকাত এতিয়া বিশ্ববাসী।

আনহাতে, ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ সক্ৰিয় কৰি তোলা বুলি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰকাশ কৰাৰ পিছতে তীব্ৰ প্ৰকাশ কৰিছে আমেৰিকাই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.