Covid-19অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ভীষণ দুৰ্ভীক্ষতায়ো স্বভাৱ সলাব পৰা নাই কিম জং উনৰ! বিলাসী পাৰ্টিত মগ্ন শাসকজন

কিম জং উনৰ একনায়কত্ববাদী শাসনত যমৰ যাতনা ভুগি আছে উত্তৰ কোৰিয়াবাসীয়ে

কৰ’না সংকটৰ মাজত তীব্ৰ খাদ্য সংকটৰ পৰা উৱাদিহ পোৱা নাই উত্তৰ কোৰিয়া। কিন্তু দুৰ্ভীক্ষতাৰ পাছতো উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনৰ স্বভাৱৰ কোনো পৰিৱৰ্তন হোৱা নাই। দেশখনৰ এনে জটিল পৰিস্থিতিৰ মাজতো কিমে পৰিয়াল তথা আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে পুনৰ্নিমিত ‘ভাসমান বিনোদন পাৰ্ক’ত কৰিছে বিলাসী পাৰ্টি।

এই ‘ভাসমান বিনোদন পাৰ্ক’খনৰ দৈৰ্ঘ ২৬০ ফুট। এই বিলাসী নৌযানখনত আছে দুটা টুইষ্টিং ৱাটাৰশ্লাইড, বিশাল আকৃতিৰ পুল আৰু বহুমহলীয়া লাউঞ্জ।

কিমে পৰিয়ালক সময় দিবলৈকে এই পাৰ্টিৰ আয়োজন কৰিছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কিম জং উনৰ একনায়কত্ববাদী শাসনত যমৰ যাতনা ভুগি আছে উত্তৰ কোৰিয়াবাসীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.