আন্তঃৰাষ্ট্ৰীয়প্ৰযুক্তিবিজ্ঞানবিশ্বভাৰত

ভাৰতৰ সৰু চহৰৰ পৰা মহাকাশলৈ যাত্ৰা শিৰীষাৰ

নিউ মেক্সিকোৰ পৰা ভাৰ্জিন গেলাক্টিকছৰ মহাকাশযান 'TWO UNITY' উৰা মাৰিলে মহাকাশলৈ

আকাশখনেই সীমা নাছিল মহাকাশচাৰী শিৰীষা বান্দলাৰ বাবে। সপোনক বাস্তৱ ৰূপ দি মহাকাশলৈ উৰা মাৰিলে ভাৰতীয় মূলৰ মহিলা মহাকাশচাৰী শিৰীষা বান্দলা। দেওবাৰে ৩৪ বছৰীয়া এৰোনটিকেল ইঞ্জিনিয়াৰ শিৰীষা বান্দলাই ৰচিলে ইতিহাস। কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছৰ পাছত মহাকাশলৈ যোৱা তৃতীয়গৰাকী ভাৰতীয় মূলৰ মহিলা হ’ল বান্দলা।

দেওবাৰে নিউ মেক্সিকোৰ পৰা ভাৰ্জিন গেলাক্টিকছৰ মহাকাশযান ‘TWO UNITY’ উৰা মাৰিলে মহাকাশলৈ। এই মহাকাশযানতে পৃথিৱীপৃষ্ঠৰ পৰা মহাকাশ পালেগৈ ভাৰতীয় মূলৰ শিৰীষা বান্দলা। মাত্ৰ ডেৰ ঘন্টা সময়ৰ ব্যৱধানত পৃথিৱীলৈও ঘূৰি আহিল বান্দলা।

Indian-American astronaut Sirisa Bandla and her crew

শিৰীষাৰ এই মহাকাশ যাত্ৰাত সংগ দিছিল ব্ৰিটিছ কোটিপতি ৰিচাৰ্ড ব্ৰেনছনৰ লগতে আন চাৰিজন কৰ্মচাৰীয়ে। মহাকাশ যাত্ৰাৰ পাছত বান্দলাই কয় যে, ‘ইউনিটি ২২ৰ সদস্য হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো, লগতে এনেকুৱা এটা কোম্পানীৰ অংশ হ’বলৈ পাই মই সুখী, যাৰ লক্ষ্য হৈছে সকলোৰে মহাকাশ চোৱাৰ হেঁপাহ পূৰণ কৰা’।

অন্ধ্ৰপ্ৰদেশৰ বান্দলাত জন্ম গ্ৰহণ কৰা শিৰীষা ডাঙৰ-দীঘল হৈছিল হস্তনত। মাত্ৰ ৪ বছৰ বয়সতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হোৱা বান্দলাই School of Aeronautics and Astronauticsৰ পৰা বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল। নাছাৰ মহাকাশচাৰী হোৱাৰ সপোন দেখা শিৰীষা বান্দলাই কম দৃষ্টিশক্তিৰ বাবে যোগ দিব পৰা নাছিল নাছাত।

ভাৰতৰ সৰু চহৰৰ পৰা মহাকাশলৈ যাত্ৰা শিৰীষাৰ

উল্লেখযোগ্য যে, ২০০৪ চনত ব্যক্তিগত নাগৰিকসকলক লৈ মহাকাশৰ প্ৰান্তলৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছিল ভাৰ্জিনিয়া গেলেকটিক-ব্যৱসায়িক ব্ৰেনছন। এই মহাকাশযানৰ যাত্ৰাৰ জৰিয়তে যাত্ৰীসকলক পৃথিৱীৰ বক্ৰতাক সুন্দৰভাৱে উপভোগ কৰাৰ সুযোগ প্ৰদান কৰা হয়।

নিউ মেক্সিকোৰ পৰা মহাকাশলৈ উৰা মৰা এই বিমানখন আছিল এখন টেষ্ট ফ্লাইট। উল্লেখযোগ্য যে, ভৱিষ্যতে বাণিজ্যিক যাত্ৰীসকলক উৰণৰ সুবিধা দিয়াটোৱেই হৈছে ‘Unity 22’ৰ মূল লক্ষ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + three =

Back to top button