Covid-19বিশ্বস্বাস্থ্য

“বুষ্টাৰ ড’জ অসাৰ, সকলোৰে হ’ব অ’মিক্ৰণ!”

"আমি বেছিভাগেই অ’মিক্ৰণত আক্ৰান্ত হ’ম, কিন্তু গমেই নাপাম আক্ৰান্ত হোৱাৰ কথা"- এই কথা ক'লে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে

“আমি বেছিভাগেই অ’মিক্ৰণত আক্ৰান্ত হ’ম, কিন্তু গমেই নাপাম আক্ৰান্ত হোৱাৰ কথা”- এই কথা ক’লে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ক’ভিড টাস্ক ফ’ৰ্চৰ উপদেষ্টা ডাঃ জয়প্ৰকাশ মুলিয়িলে।

তেওঁ কৈছে যে, যদিও ক’ভিডৰ বুষ্টাৰ ভেকচিন আৰম্ভ কৰা হৈছে কিন্তু ই অ’মিক্ৰণ ভেৰিয়েণ্টক বাধা দিব নোৱাৰে। এই ভেৰিয়েণ্টটো আগৰ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত যথেষ্ট দুৰ্বল আৰু সেয়ে আক্ৰান্তসকলক চিকিৎসালয়লৈও নিবলগীয়া নহয়। অ’মিক্ৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত সাধাৰণ ঠাণ্ডা লগাৰ নিচিনা উপসৰ্গই দেখা দিয়ে। কিন্তু ই হ’বই আৰু ইয়াক বাধা দিয়াটো সম্ভৱ নহয়। তেওঁ লগতে কয় যে, আমাৰ দেশৰ ৮৫ শতাংশ লোকেই ভেকচিন দিয়াৰ আগতেই সংক্ৰমিত হৈছিল৷ গতিকে ভাৰতৰ লোকক দিয়া প্ৰথম ড’জটোৱে বুষ্টাৰ ড’জৰ কাম ইতিমধ্যেই কৰিছে।

সাধাৰণতে তাত্ত্বিকভাৱে সমগ্ৰ পৃথিৱীতে কোৱা হয় যে, যিকোনো প্ৰাকৃতিক সংক্ৰমণে ৰোগ প্ৰতিৰোধৰ কোনো স্থায়ী ক্ষমতা সৃষ্টি নকৰে, কিন্তু এতিয়া মই ভাবো যে এই তত্ব ভুল৷ তেওঁ বুষ্টাৰ ড’জৰ প্ৰয়োজনীয়তা নস্যাৎ কৰি কয় যে, আমাৰ দেশৰ ৮০ শতাংশ লোকেই গম নোপোৱাকৈয়ে ইতিমধ্যেই সংক্ৰমিত হৈছে আৰু সুস্থও হৈ উঠিছে। তেওঁ সেইসকলৰ ক্ষেত্ৰতহে বুষ্টাৰ ড’জৰ পোষকতা কৰে, যিসকলৰ ইমুন’ল’জিকেল প্ৰতিক্ৰিয়াজনিত সমস্যা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.