AssamCMO AssamHimanta Biswa Sarmaleatest updatePMo indiapoliticalRegionalSocial

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিমানবন্দৰতে প্ৰধানমন্ত্ৰীক আদৰণি জনালে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেজপুৰত বিশেষ বিমানৰ পৰা নামিল প্ৰধানমন্ত্ৰী। বিমানবন্দৰতে প্ৰধানমন্ত্ৰীক আদৰণি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰৰ পৰা পোনে পোনে কাজিৰঙালৈ ৰাওনা প্ৰধানমন্ত্ৰী। নিশাটো কাজিৰঙাতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে।

কাইলৈ পুৱা কাজিৰঙাত প্ৰধানমন্ত্ৰীৰ চাফাৰী। কাজিৰঙাৰ পৰা অৰুণাচললৈ যাব মোদী।
অৰুণাচলত দুটা কাৰ্যসূচীত অংশ লোৱাৰ পিছতে পুনৰ যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী। ইয়াৰ পিছতে
হোলোঙাপাৰত উন্মোচন কৰিব লাচিতৰ প্ৰতিমূৰ্তি।

মেলেং মেটেলিত হ’ব প্ৰধানমন্ত্ৰীৰ বিশেষ জনসভা। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৫,৫৫,০৫৫টা PMAY গৃহ। ভাৰ্ছুৱেলী উদ্বোধন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়। শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব PMএ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বাবে ৩০০ কোটিৰ প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে। ডিগবৈ শোধানাগাৰৰ বহন ক্ষমতা বৃদ্ধিৰ শুভাৰম্ভ আৰু শুভাৰম্ভ কৰিব ভাৰতীয় ৰে’লৰ দুটা প্ৰকল্পৰো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.