Assamleatest update

ধন বাহাদুৰ আৰু নাই; ৪৫বছৰে নিজাকৈ এটা সুকীয়া পৰিচয় গঢ়ি তুলিছিল ধন বাহাদুৰে

ধন বাহাদুৰক অন্তিম বিদায় দিবলৈ হাজাৰ হাজাৰ লোকৰ সমাবেশ

ধন বাহাদুৰ আৰু নাই। বিগত ৪৫বছৰে নিজাকৈ এটা সুকীয়া পৰিচয় গঢ়ি তুলিছিল ধন বাহাদুৰে। মানুহৰ কল্যাণ আৰু সহায়ৰ বাবে সি নিষ্ঠাৰে কাম কৰিছিল পৰিচালকৰ নিৰ্দেশত। সেই ধন বাহাদুৰে নিয়তিৰ ওচৰত হাৰ মানি আজি মৃত্যুক সাৱটিলে। দৰঙৰ বিহাইগাঁও নিবাসী চাহাবুদ্দিন আলীৰ পোহনীয়া হাতীটোৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে তিনিমাহ পূৰ্বে হাতীটোৰ গাত ব্ৰজপাত হৈছিল। ফলত অসুস্থ হৈ পৰিছিল অতি শান্ত প্ৰকৃতিৰ হাতীটো। যথেষ্ঠ চিকিৎসা কৰিও সুস্থ কৰিব নোৱাৰিলে হাতীটো। অন্তিম বিদায় দিবলৈ হাজাৰ হাজাৰ লোকৰ সমাবেশ ৷
জয়দেৱ ডেকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.